গুৱাহাটীঃ পুনৰ ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত জিলিকিল অসম সন্তান।

দিল্লীত অনুষ্ঠিত হোৱা একাদশ দাদাচাহেব ফালকে চলচ্চিত্ৰ মহোৎসৱত তথ্যচিত্ৰ শিতানত শ্ৰেষ্ঠ পৰিচালকৰ বঁটা লাভ কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনিলে পাৰ্থজিৎ বৰুৱাই।

“ব্ৰেকিং দা চাইলেন্স” ৰ বাবে তথ্যচিত্ৰ শিতানত শ্ৰেষ্ঠ পৰিচালকৰ বঁটা লাভ কৰিবলৈ সক্ষম হৈছে পাৰ্থজিৎ বৰুৱাই।

 “ব্ৰেকিং দা চাইলেন্স” পাঁচগৰাকী মহিলাৰ সংগ্ৰামৰ কাহিনীৰে নিৰ্মাণ কৰা হৈছে।

এই তথ্যচিত্ৰখন ৩০ মিনিট দৈৰ্ঘ্যৰ।

উল্লেখ্য যে, পাৰ্থজিৎ বৰুৱাই নিমাৰ্ণ কৰা তথ্যচিত্ৰ সমূহ বিভিন্ন চলচ্চিত্ৰ মহোৎসৱত বঁটা লাভ কৰিবলৈ সক্ষম হৈছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,991 other subscribers

Leave a comment

Leave a Reply