নিউজ ডেস্কঃ এতিয়া যেন নিতৌ অভিলেখৰ পিছত অভিলেখ সৃষ্টি কৰি ডক্তৰ বেজবৰুৱা-২ য়ে আনি আছে সু-বতৰা। ছবিখনৰ যি জয়যাত্ৰা তাৰ লগত সংগতি ৰাখি বৃহস্পতিবাৰে ডক্তৰ বেজবৰুৱা-২ ৰ কলা কৌশলীসকলে এক সংবাদ মেল আয়োজন কৰে।
সংবাদমেলত চিনেমাখনৰ প্ৰযোজক ড০ সঞ্জীৱ নাৰায়ণে জনাই যে, ছবিখনৰ দ্বিতীয়টো শুক্ৰবাৰৰ পৰা অসমৰ উপৰি ১২ খন ৰাজ্যৰ ১৯ টা ছবিগৃহত প্ৰদৰ্শিত কৰা হ’ব। ইয়াৰ ভিতৰত বেংগালুৰু, নতুন দিল্লী, গুৰগাঁও, নয়দা, হায়দৰাবাদ, চেন্নাই, মুম্বাই, গোৱা, পুনে, আহমেদাবাদ, কলকাতাৰ ছবিগৃহটো দৰ্শকে উপভোগ কৰিব পাৰিব ।
কেৱল দেশীয় ছবিগৃহতেই নহয় বিদেশী ৰাষ্ট্ৰ আমেৰিকা, অষ্ট্ৰেলিয়া, কানাডা, ডুবাই, অ’মানৰ আদিৰ দৰ্শকেও ছবিখন চোৱাৰ আগ্ৰহ দেখুৱাৰ কথা জানিবলৈ দিয়ে। বিশেষকৈ অ’মানত থকা ২৫ টা অসমীয়া পৰিয়ালে চিনেমাখনৰ প্ৰতি দেখুওৱা মৰমৰ বাবে ডক্তৰ বেজবৰুৱা-২ টীমৰ কলা-কৌশলী যথেষ্ঠ উৎফুল্লিত বুলি তেওঁ কয়।
লগতে তেওঁ কয় – মই অসমৰ ৰাইজক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। ইতিমধ্যেই চিনেমাখনে ব্যৱসায়ীক দিশত সফল বুলি স্বীকৃতি পোৱাৰ লগতে বিগত পাঁচটা দিনত ছবিখনে উপাৰ্জনৰ ক্ষেত্ৰত ২ কোটি টকাৰ ঘৰত প্ৰৱেশ কৰিছে।
ৰেংকিঙৰ ক্ষেত্ৰতো পাঠান ছবিতকৈ ডক্তৰ বেজবৰুৱা-২ বহু ওপৰত বৰ্তমান । পাঠানৰ ৬.১ ৰেংকিং ৰ বিপৰীতে ৯.১ ৰেংকিং পইণ্ট পাবলৈ সক্ষম হৈছে বুলি প্ৰযোজকজনে জানিবলৈ দিয়ে।
সংবাদমেলত উপস্থিত থকা ছবিখনৰ অন্যতম প্ৰযোজক ডাঃ অক্ষতা নাৰায়ণে কয় যে, অসমীয়া ছবিৰ সু-দিন পুনৰ ঘূৰি আহিছে। যোৱা কেইদিনত কেইবাখনো ছবিগৃহত ছটীৰ অভাৱৰ বাবে প্নাষ্টিকৰ চকী যোগান ধৰিব লগীয়া হৈছে। যিয়ে প্ৰমাণ কৰে যে ছবি ভাল হ’লে দৰ্শকে চাবই বুলি সংবাদ মেলৰ আগত প্ৰকাশ কৰে।
উল্লেখ্য়যোগ্য যে, চিনেমাখনে ইতিমধ্যেই ১,০১৪ টা প্ৰদৰ্শনী সম্পূৰ্ণ কৰিছে প্ৰথম সপ্তাহটোত। দ্বিতীয় সপ্তাহত ১,৪৫০ দৰ্শনীত ডক্তৰ বেজবৰুৱা-২ প্ৰদৰ্শিত হ’ব। লগতে সংবাদমেলৰ সময়ত সাংবাদিক দেৱ়জিত ভূঞাকে আদি কৰি জুবিন গাৰ্গ, গৰিমা শইকীয়া গাৰ্গ, সিদ্ধাৰ্থ নিপন, কিংকিণী আৰু পদ্মৰাগ উপস্থিত থাকে।