নিউজ ডেস্কঃ বলীউড অভিনেতা ফাৰহান আখটাৰ আৰু তেওঁৰ প্ৰেমিকা শিবানী দাণ্ডেকাৰ অতি শীঘ্ৰেই বিবাহপাশত আৱদ্ধ হ’বলৈ সাজু হৈছে। ২১ ফেব্ৰুৱাৰীত দুয়োৰে বিবাহৰ অভ্যৰ্থনা যদিও ইয়াৰ পূৰ্বে সম্পূৰ্ণ মাৰাঠী ৰীতি-নীতিৰে ১৯ফেব্ৰুুৱাৰীত ফাৰহান আখটাৰৰ খাণ্ডালা ফাৰ্ম হাউচত দুয়ো বিবাহপাশত আৱদ্ধ হ’ব। বিবাহৰ কাৰ্যসূচী অতি ব্যক্তিগত হ’ব য’ত কেৱল তেওঁলোকৰ পৰিয়ালৰ সদস্য সকলহে উপস্থিত থাকিব।
আনকি সংবাদ মাধ্যমৰ লোকো কোনো প্ৰকাৰে বিবাহস্থলীত উপস্থিত হোৱাতো তেওঁলোকে বিচাৰা নাই। বিয়ালৈ কেৱল তেওঁলোকৰ পৰিয়াল আৰু ঘনিষ্ঠসকললৈহে নিমন্ত্ৰণ পত্ৰ প্ৰেৰণ কৰিছে। ১৮ ফেব্ৰুৱাৰীত দুয়োৰে পৰিয়ালে খাণ্ডালালৈ ৰাওনা হ’ব ।
ফাৰহান আখটাৰ আৰু শিবানী দাণ্ডেকাৰে যোৱা তিনি বছৰ ধৰি ইজনে সিজনক ডেট কৰি আছে। ছ’চিয়েল মিডিয়াতো দুয়োজনে প্ৰায়ে তেওঁলোকৰ ৰোমান্টিক ছবিবোৰ শ্বেয়াৰ কৰা দেখা যায়।
উল্লেখ্য যে, ফাৰহান আখটাৰৰ প্ৰথমা পত্নী অধুনা ভৱানী আখটাৰৰৰ সৈতে ২০১৭চনত বিবাহবিচ্ছেদ ঘটিছে। তেওঁলোক দুয়োৰে ২টা সন্তানো আছে। অধুনা আখটাৰ আৰু ফাৰহান আখটাৰে ২০২০ চনত বিবাহ পাশত আৱদ্ধ হৈছিল। ইয়াৰ পিছতেই ২০১৯ চনত ফাৰহান আখটাৰৰ জীৱনলৈ আহিছিল শিবানী দাণ্ডেকাৰৰ।
লগতে পঢ়কঃব্ৰাজিলত বান-ভূমিস্খলনে কাঢ়ি নিলে ৯৪জনৰ প্ৰাণ, অব্যাহত উদ্ধাৰ অভিযান…