গুৱাহাটীঃ অহা ১৪ অক্টোবৰত মুক্তি লাভ কৰিব গীতা পাঠকৰ প্ৰযোজনা আৰু পংকজ চ’ৰাম পৰিচালিত নতুন অসমীয়া চিনেমা ‘Ghost of Maikhuli’। বৃহস্পতিবাৰে গুৱাহাটীৰ মেট্রিক্স চিনেমা হলত চিনেমাখনৰ সকলো কলা কুশলীৰ উপস্থিতিত পোষ্টাৰ আৰু ট্ৰেইলাৰ মুকলি কৰা হয়। চিনেমাখনৰ পোষ্টাৰ আৰু ট্ৰেইলাৰ মুকলি অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে জনপ্রিয় অভিনেতা ৰবি শৰ্মা আৰু জনপ্ৰিয় পৰিচালক হিমাংশু প্রসাদ দাস।

লগতে চিনেমাখনত অভিনয় কৰিছে বাহাৰুল ইছলাম, কমল লোচন, ডৰথী ভৰদ্বাজ, সন্ধ্যা হাজৰিকা, জ্বলি লস্কৰ, পংকজ চ’ৰাম, কুনাল শর্মা, ৰাজীৱ ক্র, প্রিঞ্চি মহন্ত, পৱন বৰুৱা, বিনোদ লাল দাস, ৰূপম শর্মা, প্রদীপ বৰুৱা, প্রদ্যুত বিকাশ দাসে অভিনয় কৰিছে।

YouTube video

এই চিনেমাখনৰ কাহিনী পংকজ চ’ৰামৰ। লগতে চিত্ৰনাট্যয়ো ছবিখনৰ পৰিচালক পংকজ চ’ৰাম আৰু চন্দ্ৰ কুমাৰ দাসৰ। আনহাতে, ফিল্ম স্ক্রিপ্ট পংকজ চ’ৰাম আৰু অংকুৰ ডেকাৰ। সংলাপ পংকজ চ’ৰাম, চন্দ্ৰ কুমাৰ দাস, প্ৰণৱ কলিতা, ৰূপম শৰ্মাৰ। মুখ্য সহকাৰী পৰিচালক ৰূপম শৰ্মা, সহকাৰী পৰিচালক প্রশান্ত চেলেংগ, সুমন দাস। চিত্ৰগ্ৰহণ চন্দ্ৰ কুমাৰ দাসৰ। সহযোগী চিত্ৰগ্ৰহণকাৰী চিৰঞ্জিত ৰামচিয়াৰী আৰু সহকাৰী চিত্ৰগ্ৰহণকাৰী পৰশমনি বৰা, মিন্টু বর্মন, সুশান্ত বর্মন। সম্পাদনা ধীৰাজ মজুমদাৰৰ সহকাৰী সম্পাদক হীৰকজ্যোতি পাঠক। ৰং সঞ্চাৰণ শ্যামল দাসৰ। শব্দ পৰিকল্পনা দেৱজিত গায়নৰ, আৱহ সংগীত ব্যচহল (মনদীপ তাৰো)।

আনহাতে এক্সন কৰিঅ’গ্ৰাফাৰ পংকজ চ’ৰাম, জনী ডালং, মানস দৈমাৰী। ৰূপসজ্জা অনুপ বৰুৱা, কিংকু বড়ো, নয়ন ভূঞা, জয়শ্রী দাসৰ বুলি চিনেমা পৰিচালকে জানিবলৈ দিয়ে। ছবিখন দৰ্শকে আঁকোৱালি ল’ব বুলি আশাবাদী পৰিচালক তথা প্ৰযোজক।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,999 other subscribers

Leave a comment

Leave a Reply