গুৱাহাটীঃ ২০২২ বর্ষৰ প্ৰাগ চিনে এৱাৰ্ড ঘোষণা। অহা ২৬ মাৰ্চত অনুষ্ঠিত কৰা হ’ব ২০২২ বর্ষৰ প্ৰাগ চিনে এৱাৰ্ডৰ অনুষ্ঠান। ২০০৩ চনৰে পৰা অনুষ্ঠিত হৈ অহা প্ৰাগ চিনে এৱাৰ্ডৰ ২০২২ বর্ষৰ অনুষ্ঠানত শিলচৰত অনুষ্ঠিত কৰা হ’ব।
বৃহস্পতিবাৰে এক সংবাদমেলযোগে শিলচৰত প্ৰাগ চিনে এৱাৰ্ডৰ অনুষ্ঠান অনুষ্ঠিত কৰাৰ ঘোষণা কৰে এ এম টেলিভিশ্যনৰ মুখ্য পৰিচালন সঞ্চালক সঞ্জীৱ নাৰায়ণে। এইবাৰৰ অনুষ্ঠানত উপস্থিত থাকিব দেশৰ কেইবাগৰাকীও প্ৰখ্যাত অভিনয় শিল্পী।
প্ৰাগ চিনে এৱাৰ্ডৰ বাবে ২০২০-২১ বর্ষত মুক্তি লাভ কৰা ৩৯ খন অসমীয়া ছবিয়ে বিভিন্ন শিতানত লাভ কৰিছে মনোনয়ন। এইবাৰ জীৱনজোৰা সাধনা বঁটা প্ৰদান কৰা হ’ব অসমীয়া ছবিজগতৰ খ্যাতিমান অভিনেত্ৰী মলয়া গোস্বামীক। এইবাৰ প্ৰাগ চিনে এৱাৰ্ডত নতুনকৈ সংযোজন কৰা হৈছে গ্লোবেল আইকন এৱাৰ্ড। প্ৰাগ চিনে এৱাৰ্ডত নতুনকৈ নতুনকৈ সংযোজন কৰা গ্লোবেল আইকন এৱাৰ্ডৰ বঁটা আগবঢ়োৱা হ’ব বলীউডৰ অভিনেত্ৰী সীমা বিশ্বাসক। উল্লেখ্য যে ২০০৩ চনত এ এম টেলিভিশ্যন প্ৰাইভেট লিমিটেডে উত্তৰ পূৱৰ ছবি জগতখনৰ ক্ষেত্ৰত দ্য প্ৰাগ চিনে এৱাৰ্ডৰ সংযোজন ঘটিছিল।