গুৱাহাটী : কোৰোনা মহামাৰীৰ মাজতেই এটি ভাল খবৰ আহিছে অসমৰ চিনেমা জগতলৈ। বিশ্বৰ চলচিত্ৰ জগতৰ অতিকে সন্মানীয় THE NEW YORK INDIAN FILM FESTIVAL 2021 লৈ অসমীয়া চলচ্চিত্ৰ “বৰষুণ – Songs For Rain” য়ে Official Selection পাবলৈ সক্ষম হৈছে য’ত মঙ্গলদৈৰ দ্বীপজ্যোতি কলিতাই শ্ৰেষ্ঠ অভিনেতাৰ শাখাত নমিনেচন লাভ কৰিছে।

একেখন ছবিৰ বাবে শ্ৰেষ্ঠ পৰিচালকৰ শাখাত নমিনেছন লাভ কৰিছে কৃষ্ণ কান্ত বৰাই৷ অহা জুন মাহত অনুষ্ঠিত হ’বলগীয়া চলচিত্ৰ মহোৎসৱ খনিত প্ৰদৰ্শিত হ’ব লগা বৰষুণ – SongsForRain চিনেমা খনিৰ দ্বাৰা দ্বীপজ্যোতি আৰু কৃষ্ণ কমল বৰাই সফলতা লাভ কৰি অসমীয়া ছবি জগতলৈ সন্মান কঢ়িয়াই আনিৱ বুলি আশা কৰিছে চলচ্চিত্ৰ প্ৰেমীয়ে৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,999 other subscribers

Leave a comment

Leave a Reply