নিউজ ডেস্কঃ দক্ষিণ ভাৰতৰ জনপ্ৰিয় অভিনেত্ৰী ৰশ্মিকা মান্দানা আৰু বলিউডৰ শ্বেহেনশ্বাহ অমিতাভ বচ্চনৰ নতুন ছবি গুডবায় মুক্তি পালে ছবিগৃহত। বৰ্তমান সময়ত বলিউডৰ ছবিসমূহ প্ৰায়ে বয়কোট কৰা দেখা গৈছে দৰ্শকসকলে।
তাৰ মাজতে গুডবায় ছবিখনক লৈ দৰ্শক প্ৰতিক্ৰিয়া ইতিবাচক দেখা গৈছে। শুকুৰবাৰে মুক্তি লাভ কৰা এইখন ছবিয়ে প্ৰথম দিনটোতে উপাৰ্জন কৰে ১২ কোটি টকা।
এই ছবিখন পৰিচালনা কৰিছে বিকাশ বেহেলে। ছবিখনৰ মুক্তিৰ পূৰ্বৰে পৰা অভিনেতা-অভিনেত্ৰীসকলৰ লগতে পৰিচালক, প্ৰযোজকে এইখন ছবি হীট হ’ব বুলি আশা কৰি আছিল।
আৰু শুকুৰবাৰে ছবিখনৰ উপাৰ্জনলৈ চালে এইটোৱে বুজিব পাৰি যে, গুডবায় ছবিখনক দৰ্শকে আকোৱালি লৈছে। ছবিখনত লগতে অভিনয় কৰিছে- নীনা গুপ্তা, অভিষেক খান, পাৱেল গুলাটী, অবৰাম, পায়েল থাপা, শিবিন নাৰংগ আৰু শ্বাহিলে।