নিউজ ডেস্ক: এইবাৰ কৰোনাত আক্ৰান্ত হ’ল বলিউডৰ জনপ্ৰিয় অভিনেতা গোবিন্দা । অভিনেতাজনৰ মুখপাত্ৰই প্ৰকাশ কৰা মতে , গোবিন্দাৰ কোভিড–১৯ৰ ৰিপ’ৰ্ট পজিটিভ আহিছে। অভিনেতাজনৰ সংক্ৰমণৰ সাধাৰণ লক্ষণ আছে আৰু বৰ্তমান হোম কোৱাৰেণ্টাইনত আছে। গোবিন্দাৰ পত্নী সুনীতা আহুজাই স্বামী কোৰোণাত আক্ৰান্ত হোৱাৰ কথা সদৰি কৰিছে।
দেশজুৰি কোৰোণা ভাইৰাছ) দ্বিতীয় ঢৌ দ্ৰুতগতিত বৃদ্ধি পাইছে। কোৰোণাৰ দ্বিতীয় ঢৌত অধিক প্ৰভাৱিত হৈছে মহাৰাষ্ট্ৰত | চলচ্চিত্ৰ জগত খনৰ সৈতে জড়িত সকলৰ গাত এই ভাইৰাছৰ প্ৰভাৱ বৃদ্ধি পাইছে। ৰণবীৰ কাপুৰ, কাৰ্তিক আৰয়ান, মনোজ বাজপেয়ী, আৰ মাধৱন, পৰেশ ৰাৱাল, আমিৰ খান, অক্ষয় কুমাৰ, আলিয়া ভাটৰ পিছত ‘হিৰো নাম্বাৰ ৱান’খ্যাত গোবিন্দাৰ কোৰোণা টেষ্টৰ ফলাফল আহিছে পজিটিভ।