নিউজ ডেস্ক: চলিত বৰ্ষৰ ৩ ফেব্ৰুৱাৰীত মুক্তি পাব হন্সল মেহতা পৰিচালিত নতুন হিন্দী ছবি ‘ফাৰাজ’। ২০১৬ চনত ঢাকাৰ এখন কেফেত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ আধাৰত নিৰ্মিত ছবিখনত বলিউডৰ কিংবদন্তী অভিনেতা শশী কাপুৰৰ নাতি জাহান কাপুৰ আৰু অভিনেতা পৰেশ ৰাৱালৰ পুত্ৰ আদিত্য ৰাৱালক মূল চৰিত্ৰত দেখিবলৈ পোৱা যাব।
অনুভৱ সিনহা আৰু টি-চিৰিজৰ ভূষণ কুমাৰৰ দ্বাৰা প্ৰযোজিত চলচ্চিত্ৰখনে ইতিমধ্যে ২০২২ বৰ্ষৰ বি এফ আই লণ্ডণ চলচ্চিত্ৰ মহোৎসৱত ৱৰ্ল্ড প্ৰিমিয়াৰ লাভ কৰিছে।
সংবাদ মাধ্যমৰ আগত ছবিখনৰ সম্পৰ্কে পৰিচালক মেহতাই কয়, “ঢাকা কঁপাই যোৱা ২০১৬ চনত Holey Artisan café-ত সংঘটিত আক্ৰমণৰ ঘটনাৰ আধাৰত নিৰ্মিত ‘ফাৰাজ’ মোৰ বাবে হৈছে আমাৰ এই মেৰু বিভক্ত সময়ৰ এক কাহিনী। তীব্ৰ উত্তেজনাপূৰ্ণ এই থ্ৰিলাৰধৰ্মী ছবিখনৰ জৰিয়তে মই কিহে যুৱচামক হিংসাৰ প্ৰতি আকৰ্ষিত কৰে তাক তুলি ধৰাৰ প্ৰয়াস কৰিছো।’’
চলচ্চিত্ৰখন যুটীয়াভাৱে টি-চিৰিজ আৰু বেনাৰাছ মিডিয়াৰ বেনাৰত নিৰ্মিত ছবিখনত অভিনয় কৰা শিল্পীসকলৰ ভিতৰত আছে জুহি বব্বৰ, আমিৰ আলী, শচীন লালৱানী, পলক লালৱানী, আৰু ৰেশম চাহানী।
লগতে পঢ়ক – সামৰণি পৰিল দ্বিতীয় কোকৰাঝাৰ সাহিত্য মহোৎসৱ