নিউজ ডেস্কঃ সুদীৰ্ঘ ২১ বছৰৰ পাছত ভাৰতে আজুৰিলে ‘মিছ ইউনিভাৰ্ছ ২০২১’ৰ খিতাপ। ভাৰতৰ পঞ্জাৱৰ হৰনাজ সন্ধুৰ শিৰত জিলিকিল ‘মিছ ইউনিভাৰ্ছ ২০২১’ৰ মুকুট। বিশ্বৰ বিভিন্ন দেশৰ ৭৫গৰাকী সুন্দৰীক চেৰ পেলাই এই খিতাপ আজুৰিবলৈ সক্ষম হয় ২১ বছৰীয়া হৰনাজ সন্ধুয়ে। এই খবৰ লাভ কৰাৰ লগে লগে দেশবাসীৰ মাজত আনন্দৰ জোৱাৰ উঠে।
হৰনাজৰ শিৰত মুকুট পিন্ধালে বিগত বৰ্ষৰ মিছ ইউনিভাৰ্ছ মেক্সিকোৰ এণ্ড্ৰিয়া মেজাই।
ইজৰাইলৰ ইলাটত অনুষ্ঠিত হৈছিল এই সৌন্দৰ্য প্ৰতিযোগিতাখনি। ফাইনেল ৰাউণ্ডত সান্ধুৱে প্ৰতিযোগী পাৰাগুৱে আৰু দক্ষিণ আফ্ৰিকাক পৰাস্ত কৰি এই খিতাপ লাভ কৰিবলৈ সক্ষম হ’ল।
‘মিছ ইউনিভাৰ্ছ’ৰ খিতাপ অৰ্জন কৰা হৰনাজ সন্ধু ভাৰতৰ হ’ল তৃতীয় গৰাকী । সন্ধুৰ পূৰ্বে ১৯৯৪ চনত অভিনেত্ৰী সুস্মিতা সেন আৰু ২০০০ চনত লাৰা দত্তই কঢ়িয়াই আনিছিল এই খিতাপ ৷
হৰনাজ সন্ধুয়ে মাত্ৰ ১৭ বছৰ বয়সতে সৌন্দৰ্য প্ৰতিযোগিতাৰ যাত্ৰা আৰম্ভ কৰিছিল। তেওঁ মিছ ডিভা ২০২১, ফেমিনা মিছ ইণ্ডিয়া পাঞ্জাৱ ২০১৯ ৰ লগতে ফেমিনা মিছ ইণ্ডিয়া ২০২১ ত শীৰ্ষ ১২ তম স্থান লাভ কৰিছিল।
হৰনাজ সন্ধুয়ে বৰ্তমান পাব্লিক এডমিনিষ্ট্ৰেছনত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছে। হৰনাজে কেইবাখনো পাঞ্জাৱী চলচ্চিত্ৰটো অভিনয় কৰিছে।