নিউজ ডেস্কঃ মনত ইচ্ছা শক্তি থাকিলে পৃথিৱীৰ কোনো শক্তিয়ে বাধা দিব নোৱাৰে। কোনো আনুষ্ঠানিক প্ৰশিক্ষণ নোলোৱাকৈ ইন্টাৰনেটৰ মাধ্য়মেৰে প্ৰশিক্ষণ লৈ ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি অসমলৈ সুনাম কঢ়িয়াই আনিলে গুৱাহাটীৰ ৰক্তিম ঠাকুৰীয়াই।

ছনী টিভিৰ জনপ্ৰিয় ৰিয়েলিটী ডান্স শ্ব’ ”India’s Best Dancer 2” মঞ্চত জিলিকিল অসমৰ ৰক্তিম ঠাকুৰীয়া।

দেওবাৰে ঘোষণা হ’ল India’s Best Dancer 2ৰ শীৰ্ষ ৫জন প্ৰতিযোগীৰ নাম। প্ৰতিযোগিতাৰ বিজয়ীৰ খিতাপ দখল কৰিলে মহাৰাষ্ট্ৰৰ সৌম্য কাম্বলে।

”India’s Best Dancer 2” বিজয়ী মহাৰাষ্ট্ৰৰ সৌম্য কাম্বলে

প্ৰতিযোগিতাখনত জয়পুৰৰ গৌৰৱ চাৰৱানে দখল কৰিলে প্ৰথম ৰানাৰ-আপ, উৰিষ্যাৰ ৰোজা ৰানাৰক দ্বিতীয় ৰানাৰ-আপ হিচাপে ঘোষণা কৰা হয়।

আনহাতে অসমৰ ৰক্তিম ঠাকুৰীয়াক তৃতীয় ৰানাৰ-আপ আৰু কেৰেলাৰ জামৰুথক চতুৰ্থ ৰানাৰ-আপ হিচাপে ঘোষণা কৰা হয়।

ৰক্তিম ঠাকুৰীয়া গুৱাহাটীৰ চচলৰ দূৰদৰ্শন কলনীৰ বাসিন্দা। মেধাৱী ৰক্তিমে দিল্লী বিশ্ববিদ্য়ালয়ৰ পৰা ৰাজনীতি বিজ্ঞান বিষয়ত স্নাতক ডিগ্ৰী লাভ কৰিছে।

প্ৰতিযোগিতাখনত বিজয়ীৰ খিতাপ লাভ কৰা সৌম্য কাম্বলে লাভ কৰিছে ট্ৰফীৰ উপৰিও এখন গাড়ী আৰু ১৫ লাখ টকাৰ চেক লাভ কৰিছে। লগতে তেওঁৰ নৃত্য পৰিচালক কৰিঅ’গ্ৰাফাৰ বৰ্তিকা ঝায়ে লাভ কৰিছে ৫ লাখ টকা।

আনহাতে, বাকী চাৰিজন প্ৰতিযোগীক ১লাখ টকাৰ চেক প্ৰদান কৰে।

‘India’s Best Dancer 2’ৰ বিচাৰকৰ আসনত আছিল টেৰেঞ্চ লুইছ, গীতা কাপুৰ আৰু মালাইকা অৰোৰা । প্ৰতিযোগীতাৰ ফাইনেলত মালাইকা অৰোৰা উপস্থিত থাকিব নোৱাৰাৰ বাবে তেওঁৰ ঠাইত অভিনেত্ৰী শিল্পা চেট্টীক দেখা গৈছিল।

অতিথি হিচাপে অনুষ্ঠানটোত উপস্থিত আছিল ৰেপাৰ বাদশ্বাহ আৰু গীতিকাৰ মনজো মুনতাশিৰ । অনুষ্ঠানটোৰ অন্তিম পৰ্যায়ত বলীউডৰ বিখ্যাত গায়ক মিকা সিং আৰু কোৰিঅ’গ্ৰাফাৰ ধৰ্মেশ উপস্থিত আছিল।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,993 other subscribers

Leave a comment

Leave a Reply