নিউজ ডেস্কঃ অস্কাৰৰ বাবে মনোনীত হোৱা “Last Film Show” নামৰ চিনেমাখন আনুষ্ঠানিক ভাৱে মুক্তিৰ এদিন পূৰ্বে সমগ্ৰ ভাৰতবৰ্ষৰ ৯৫ টা ছবিগৃহত প্ৰদৰ্শিত হ’ব, যাৰ টিকটৰ মূল্য হ’ব ৯৫ টকা।
গুজৰাটী ভাষাৰ ‘Chhello Show’ শীৰ্ষক এই চিনেমাখনে ৯৫ সংখ্যক Academy Awardত ভাৰতৰ পৰা আন্তৰ্জাতিক ফিচাৰ ফিল্ম শ্ৰেণীৰ শিতানত মনোনীত হৈছে। শুকুৰবাৰে মুক্তিলাভ কৰাৰ এদিন পূৰ্বে বৃহস্পতিবাৰে চিনেমাখনৰ অন্তিম screened হ’ব।
চিনেমাখনৰ পৰিচালক পান নলিনে কয়, অনুৰাগীসকলে “আমাৰ ছবি ‘Last Film Show’ (Chhello Show) অধীৰ আগ্ৰহেৰে মুক্তিৰ অপেক্ষাত আছে । সকলোৱে অতি সুখী।
পৰিচালক পান নলিনে লগতে এক বিবৃতিত কয়, ” ৯৫সংখ্যক অস্কাৰৰ বাবে বাছনি হোৱাৰ আনন্দ উদযাপন কৰাৰ বাবে ৯৫ টকাৰ টিকটৰ মূল্যত ৯৫ টা ছবিগৃহত মুক্তি দিয়াতকৈ ভাল উপায় কি হ’ব পাৰে।”
গুজৰাটৰ গ্ৰাম্য অঞ্চলত জন্মগ্ৰহণ কৰা পান নলিনে শৈশৱৰ পৰাই অভিনয়ৰ প্ৰেমত পৰিছিল। পান নলিনৰ শৈশৱৰ সেই স্মৃতিৰ আলমতে ‘Last Film Show’ নামৰ চিনেমাখন নিৰ্মাণ কৰা হৈছে।
এক যুটীয়া বিবৃতিত ৰয় কাপুৰ ফিল্মছৰ প্ৰযোজক সিদ্ধাৰ্থ ৰয় কাপুৰ আৰু জুগাদ মোচন পিকচাৰ্ছৰ ধীৰ মোমায়াই কয় যে ছবিগৃহত ‘Last Film Show’ মুক্তিৰ বাবে তেওঁলোক যথেষ্ট আনন্দিত।
“আমাৰ প্ৰদৰ্শকসকলৰ সৈতে, আমি বৃহস্পতিবাৰৰ অন্তিম প্ৰদৰ্শনীত ৯৫টা ছবিগৃহত ৯৫ টকাৰ টিকট মূল্যত ছবিখন মুকলি কৰিছো। সমগ্ৰ ভাৰতত দৰ্শকে আমাৰ চলচ্চিত্ৰখনৰ বাবে দেখুওৱা মৰম আৰু আগ্ৰহক সন্মান জনোৱাৰ এইয়া আমাৰ এক সৰু প্ৰচেষ্টা। ”
এই চিনেমাখন ৰয় কাপুৰ ফিল্মছ, জুগাদ মোচন পিকচাৰ্ছ, মনচুন ফিল্মছ আৰু চেলো শ্ব’ এলএলপিৰ দ্বাৰা প্ৰযোজনা কৰা হৈছে।
আনহাতে এই চিনেমাখন আমেৰিকা যুক্তৰাষ্ট্ৰত Samuel Goldwyn Filmsএ আৰু ফ্ৰান্সৰ Orange Studio দ্বাৰা মুক্তি দিয়া হ’ব।