নিউজ ডেস্কঃ ৯৫ সংখ্যক একাডেমী পুৰস্কাৰ প্ৰদান অনুষ্ঠানত ভাৰতৰ তথ্যচিত্ৰয়ে সোমবাৰে আজুৰি আনিলে শ্ৰেষ্ঠত্ব।
কাৰ্তিকী গনজালভেছৰ পৰিচালিত আৰু গুণীত মোংগাই প্ৰযোজনা কৰা ‘দ্য এলিফেণ্ট হুইছপাৰাৰ্ছ’ নামৰ তথ্যচিত্ৰখনে শ্ৰেষ্ঠ তথ্যচিত্ৰ শাখাত লাভ কৰে ৯৫ সংখ্যক একাডেমী পুৰস্কাৰ।
এই শিতানত অস্কাৰ বঁটা লাভ কৰা প্ৰথমখন ভাৰতীয় ছবি হিচাপে পৰিগণিত হয়।
উল্লেখযোগ্য যে, শ্ৰেষ্ঠ তথ্যচিত্ৰ শাখাত মনোনয়ন পোৱা ‘দ্য এলিফেণ্ট হুইছপাৰাৰ্ছ তৃতীয় ভাৰতীয় ছবি। ইয়াৰ পূৰ্বে ১৯৬৯ চনত ‘দ্য হাউছ ডেট আনন্দা বিল্ট’ আৰু ১৯৭৯ চনত ‘এন এনকাউণ্টাৰ উইথ ফেচেছ’–এ ভাৰতৰ পৰা শ্ৰেষ্ঠ তথ্যচিত্ৰ শাখাত মনোনয়ন হৈছিল।