নিউজ ডেস্কঃ বলীউদ পৰিচালক বনী কাপুৰ আৰু অভিনেত্ৰী শ্ৰীদেৱীৰ তনয়া জাহ্নৱী কাপুৰক পুনৰ দেখা যাব এখন নতুন চলচ্চিত্ৰত।
‘মিলি’ নামৰ এখন চলচ্চিত্ৰত অভিনয় কৰিছে জাহ্নৱীয়ে। ‘ধড়ক’ৰ পিছতেই জাহ্নৱীৰ এইখন দ্বিতীয় চলচ্চিত্ৰ।
জাহ্নৱীয়ে শুকুৰবাৰে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম যোগে এই সন্দৰ্ভত ঘোষণা কৰে। চলচ্চিত্ৰ খনৰ প্ৰযোজনা তেওঁৰ পিতৃ বনি কাপুৰৰ আৰু পৰিচালনা কৰিছে মাথুকুট্টি জেভিয়াৰে। ‘মিলি’ৰ কেইখনমান ফটো শ্বেয়াৰ কৰি পিতৃৰ সৈতে প্ৰথম কাম কৰাৰ অভিজ্ঞতা বৰ্ণনা কৰি জাহ্নৱীয়ে কেপচনত লিখে, পাপাৰ সৈতে এইখন মোৰ প্ৰথম খন ছবি। যাৰ নাম মই মোৰ জীৱনত কেৱল এজন প্ৰযোজক হিচাপে শুনিছোঁ। কিন্তু আপোনাৰ সৈতে কাম কৰাৰ পিছত এইয়া মোৰ আটাইতকৈ ভাল অনুভৱ।
জাহ্নৱীৰ লগতে ছবিখনত মনোজ পাহৱা আৰু ছানী কৌশলেও অভিনয় কৰিছে। এইখন মালায়ালম চলচ্চিত্ৰ ‘হেলেনৰ’ ৰিমেক।
লগতে জাহ্নৱীয়ে পৰিচালক মাথুকুট্টি জেভিয়াৰক ধন্যবাদ জ্ঞাপন কৰি কয়, “আপোনাৰ নিৰ্দেশনা আৰু ধৈৰ্য্যৰ বাবে আপোনাক ধন্যবাদ ।

জাহ্নৱীয়ে লগতে উল্লেখ কৰে যে যদি আপুনি যথেষ্ট সততাৰে আৰু কঠোৰ পৰিশ্ৰম কৰে তেনেহ’লে যাত্ৰাটো যিমানেই কঠিন নহওঁক কিয় ই যাদুৰ দৰে কাম কৰিব।আমি আপোনাক লৈ গৌৰৱান্বিত পাপা । এই যাত্ৰাৰ বাবে আপোনাক ধন্যবাদ জনাইছো।
এই চলচ্চিত্ৰখনৰ শ্বুটিং চলিত বৰ্ষৰে আগষ্ট মাহৰ পৰা আৰম্ভ হৈছে।
লগতে পঢ়কঃসংসদলৈ ট্ৰেক্টৰ যাত্ৰা কাৰ্যসূচী বাতিল কৰিলে কৃষক সকলে