
নিউজ ডেস্ক– দীৰ্ঘদিন ধৰি বিভিন্ন প্ৰশ্নবানেৰে সংবাদমাধ্য়মৰ শিৰোনামা দখল কৰি থকা বলীউদ অভিনেত্ৰী কংগনা ৰাণাৱটৰ মুখ বন্ধ কৰিবলৈ এইবাৰ আইনৰ কাষ চাপিল কংগনাৰ প্ৰাক্তন প্ৰেমিক অভিনেতা হৃত্বিক ৰোশন। হৃতিক-কংগনাৰ বিবাদে পাঁচ বছৰতকৈও অধিক সময় ধৰি চলি আছে। হৃতিক ৰোচনে শনিবাৰে কংগনা ৰাণাৱটৰ বিৰুদ্ধে গোচৰ তৰিবলৈ মুম্বাই অপৰাধ অনুসন্ধান শাখাৰ কাষ চাপিল। ২০১৩-১৪চনতেই দুয়োৰে মাজত প্ৰেমৰ সম্পৰ্ক আৰম্ভ হৈছিল। এই সম্পৰ্ক খুব কম সময়তেই বিচ্ছেদো ঘটিছিল।
এই বিচ্ছেদৰ পিছতেই দুয়োৰে মাজত ই-মেইলকলৈ আৰম্ভ হৈছিল বিবাদ। ২০১৬চনত অভিনেতাগৰাকীয়ে বান্দ্ৰা কুৰ্লা কমপ্লেক্স আৰক্ষী কাষ চাপিছিল আৰু তেওঁৰ নামত এটা ভুৱা ইমেইল আইডি খুলি দুষ্টচক্ৰই তেওঁৰ অনুৰাগীৰ সৈতে কথা পতা বুলি এক এজাহাৰ দাখিল কৰিছিল । ঋত্বিকে কংগনালৈ প্ৰেৰণ কৰা আইনী জাননী অনুসৰি অভিনেত্ৰীগৰাকীৰ পৰা তেওঁৰ সঠিক ইমেইল আইডিত প্ৰায় ১,৪৩৯ টা ইমেইল প্ৰাপ্ত কৰা বুলি দাবী কৰিছিল । লগতে অভিনেত্ৰীগৰাকীয়ে ভুৱা আইডিলৈ প্ৰেৰণ কৰা ইমেইল আৰু তাৰ উত্তৰবোৰো উল্লেখ কৰিছিল। ইয়াৰ পিছতে ৰাণাৱটে টুইট কৰি কয় যে অভিনেতা ঋত্বিক ৰোশ্যনে পুনৰ মিছা কাহিনী আৰম্ভ কৰিছে । তেওঁ কোৱা মতে দুয়োৰে মাজত প্ৰেম বিচ্ছেদ আৰু তেওঁৰ বিবাহ বিচ্ছেদৰ বহু বছৰ পিছতো ঋত্বিকে কোনো সিদ্ধান্ত ল’বলৈ অস্বীকাৰ কৰে ।
এই যুদ্ধ বৰ্তমানো অব্য়াহত আছে। অৱশেষত হৃত্বিক ৰোশন কাষ চাপিল মুম্বাই অপৰাধ অনুসন্ধান শাখাৰ। এই খবৰ লাভ কৰাৰ লগে লগে হৃতিকক কটাক্ষ কৰি কংগনাৰ পুনৰ টুইট।
কংগনাই লিখে ,” পৃথিৱীখন ক’ত উপনীত হৈছে, আৰু মোৰ চিলি এক্স এতিয়াও থিয় হৈ আছে য’ত সময় কেতিয়াও ঘূৰি নাযাব। ”
অৱশ্যে এই সন্দৰ্ভত হৃতিকে সামাজিক মাধ্যমত কোনো বিতৰ্কৰ সৈতে জড়িত হোৱা নাই। হৃতিক স্পষ্ট ! ইয়াৰ সকলোবোৰ উত্তৰ আইনে দিব।