নিউজ ডেস্কঃ বলীউডৰ এখন আপকামিং চলচ্চিত্ৰ ‘সীতা দ্য ইণ্টিগ্ৰেচন’ ত সীতাৰ চৰিত্ৰত অভিনেত্ৰী কৰীণা কাপুৰ খানে অভিনয় কৰিব বুলি ছ’চিয়েল মিডিয়াত দীৰ্ঘদিন ধৰি চৰ্চা হৈ আছিল। পিছে ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীসকলে কৰীণাৰ সলনি ‘সীতা’ৰ চৰিত্ৰত কংগনা ৰাণাৱটৰ নাম লোৱাহে দেখা গৈছিল। সকলোৱে ‘সীতা’ৰ চৰিত্ৰত কংগনাক চাবলৈ আগ্ৰহ প্ৰকাশ কৰিছিল।

এতিয়া খবৰ পোৱা গৈছে যে কৰীণাৰ ঠাইত ‘সীতা’ৰ চৰিত্ৰটো উপস্থাপন কৰিব কংগনাই। কংগনা ৰাণাৱটে তেওঁৰ ছ’চিয়েল মিডিয়া একাউণ্টত ছবিখনৰ প্ৰথম খন পোষ্টাৰ মুকলি কৰিছে।

‘সীতা দ্য ইণ্টিগ্ৰেচন’ নামৰ চলচ্চিত্ৰখন পৰিচালনা কৰিব আলোকিক দেশাই আৰু প্ৰযোজনা কৰিব শালিনী শৰ্মাই । চলচ্চিত্ৰখন হিন্দীৰ উপৰিও তামিল, তেলেগু, মালায়ালম আৰু কানাড়াত মুক্তি দিয়া হ’ব বুলি জানিব পৰা গৈছে।

সীতা ছবিখনৰ চিত্ৰনাট্য লিখিছে এছ এছ ৰাজামৌলীৰ পিতৃ, কে ভি বিজয়েন্দ্ৰ প্ৰসাদে। চলচ্চিত্ৰখনৰ সংলাপ আৰু সংগীত মনোজ মুন্তাশিৰৰ।

অভিনেত্ৰী কংগনা ৰাণাৱট তেওঁৰ শক্তিশালী অভিনয়ৰ বাবে বিশেষ জনপ্ৰিয়। শেহতীয়াকৈ মুক্তি পোৱা ‘থালাইভি’ নামৰ ছবিখনৰ অভিনয়ৰ বাবে তেওঁক দৰ্শকে যথেষ্ট প্ৰশংসা কৰিছে।

এইবাৰ দৰ্শকে কংগনাক পুনৰ এটা শক্তিশালী চৰিত্ৰত দেখিবলৈ পাব।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,019 other subscribers

Leave a comment

Leave a Reply