নিউজ ডেস্ক – জনপ্ৰিয় ষ্টেণ্ড-আপ কমেডিয়ান তথা অভিনেতা Kapil Sharma ৰ আগন্তুক ছবি ‘Zwigato’ বৰ্তমান চৰ্চাত আছে। দৰাচলতে, কপিল শৰ্মাৰ ছবিখন শীঘ্ৰেই টৰণ্টো আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ (TIFF)ত প্ৰিমিয়াৰ হ’ব।
Applause Entertainment আৰু Nandita Das Initiative এ ঘোষণা কৰি গৌৰৱান্বিত যে সমসাময়িক বিশ্ব চলচ্চিত্ৰ শাখাত ৪৭ তম টৰণ্টো চলচ্চিত্ৰ মহোৎসৱত জিংৱাটোৰ বিশ্ব প্ৰিমিয়াৰ অনুষ্ঠিত হ’ব।
উল্লেখ্য, ছবিখনত শ্বাহনা গোস্বামীক কপিল শৰ্মাৰ পত্নীৰ চৰিত্ৰত অভিনয় কৰা দেখা যাব। একে সময়তে কপিল শৰ্মাক এই ছবিখনত ফুড ডেলিভাৰী বয় হিচাপে দেখা যাব।

কপিল শৰ্মা তেওঁৰ নতুন চলচ্চিত্ৰখনক লৈ অতি উৎসাহিত আৰু অনুৰাগীসকলেও এই ছবিখনৰ বাবে অপেক্ষা কৰি আছে। ছবিখন পৰিচালনা কৰিছে বিখ্যাত অভিনেত্ৰী আৰু পৰিচালক নন্দিতা দাসে।