নিউজ ডেস্কঃ তৃতীয় বাৰৰ বাবে ‘মা’ হ’বলৈ ওলাইছে নেকি কৰীণা কাপুৰ? এই প্ৰশ্নই বিগত কিছুদিন ধৰি ছ’চিয়েল মিডিয়াত চৰ্চা লাভ কৰি আছে। স্বামী ছৈইফ আলী খান আৰু দুই পুত্ৰৰ লগত সম্প্ৰতি অভিনেত্ৰীগৰাকীয়ে ইউৰোপত সময় কটাই আছে। অভিনেত্ৰীগৰাকীৰ ইউৰোপ ট্যুৰৰ এখন ফটো বিগত কিছুদিন ধৰি ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ আছে। ফটো কেইখন প্ৰত্যক্ষ কৰি অনুৰাগীসকলৰ মনত কৰীণা পুনৰ গৰ্ভৱতী হোৱা বুলি প্ৰশ্নৰ উত্থাপন হৈছে।

ইয়াকে লৈ কোনোৱে কৰীণাৰ লগতে দুই পুত্ৰক লৈ memes বনায়। ছ’চিয়েল মিডিয়াত memes ভাইৰেল হৈ পৰিছে। ইয়াৰ পিছতেই কৰীণাই ইনষ্টাগ্ৰামত এটা প’ষ্ট শ্বেয়াৰ কৰি ব্যংগভাৱে লিখে, ‘সেইয়া পাষ্টা আৰু ৱাইন বন্ধুসকল। শান্ত থাকক। মই গৰ্ভৱতী নহয়। ইতিমধ্যে ছেইফে কৈছে যে তেওঁ দেশৰ জনসংখ্যাৰ বাবে যথেষ্ঠ অৱদান আগবঢ়াইছে।’

কৰীণাই তেওঁৰ গৰ্ভধাৰণৰ খবৰ ব্যংগভাগে অনুৰাগীৰ সন্মুখত প্ৰকাশ কৰে। প্ৰকৃততে অভিনেত্ৰীগৰাকীৰ মাতৃত্বৰ খবৰ এক উৰাবাতৰিহে। 

উল্লেখ্য যে, ১৬অক্টোবৰ,২০১২ চনত ছৈইফ আলী খানৰ সৈতে অভিনেত্ৰী গৰাকী আইনী প্ৰক্ৰিয়াৰে বিবাহপাশত আবদ্ধ হৈছিল। ২০১৬চনত তেওঁলোকৰ প্ৰথমটো সন্তান টাইমূৰে জন্ম লাভ কৰে। ইয়াৰ পিছতেই ২০২১চনৰ ফ্ৰেব্ৰুৱাৰী মাহত তেওঁলোকৰ দ্বিতীয় সন্তান জাহাংগীৰ আলী খানৰ জন্ম হয়।

কৰীণা কাপুৰে বৰ্তমান তেওঁৰ পৰৱৰ্তী চিনেমা লাল সিং চদ্দা নামৰ চিনেমা খনৰ বাবে ব্যস্ত হৈ আছে। চিনেমাখনত কৰীণাৰ বিপৰীতে অভিনয় কৰিছে আমিৰ খানে। 

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,870 other subscribers

Leave a comment

Leave a Reply