নিউজ ডেস্কঃ বৰ্তমান মডেল, অভিনেত্ৰী কিম কাৰ্দাচিয়ান অষ্ট্ৰেলিয়া ভ্ৰমণত ব্যস্ত আছে। প্ৰেমিক পিট ডেভিডছনৰ সৈতে অষ্ট্ৰেলিয়া ভ্ৰমণৰ সময়তে অভিনেত্ৰীগৰাকীয়ে ইটালীৰ এখন ৰেষ্টোৰাত নৈশ আহাৰ গ্ৰহণ কৰিছিল। মডেল, অভিনেত্ৰীগৰাকীয়ে ৰেষ্টোৰাখনৰ খাদ্যৰ নামত বিল পৰিশোধ কৰিছিল ৫৭৬ ইউ ইছ ডলাৰ অর্থাৎ ভাৰতীয় মুদ্ৰাত ৪৬হাজাৰ টকা। কিমে বিল পৰিশোধ কৰাই নহয় তেওঁক সেৱা আগবঢ়োৱা ৱেইটাৰ জনৰ সেৱাত সন্তুষ্ট হৈ কিছু ধনো আগবঢ়াইছিল।

ছ’চিয়েল মিডিয়াত সম্প্ৰতি বিশেষ চৰ্চা লাভ কৰিছে এই বিলখনে। ৱেইটাৰজনে কিম কাৰ্দাচিয়ানক ধন্যবাদ জ্ঞাপন কৰি বিলৰ ফটোখন শ্বেয়াৰ কৰিছে। কিন্তু কিমে তেওঁক কিমান ধন পৰিশোধ কৰিছে ইয়াক গোপনে ৰাখিছে। তেওঁ পষ্টটোত লিখিছে ,”Took Kim K’s order at work today. Thx for the hefty tip @KimKardashian.”

পিছে কিমে ৰেষ্টুৰেন্টখনত ৪৬হাজাৰ টকাৰ কি কি খাদ্য গ্ৰহণ কৰিছিল?

ৱেইটাৰ জনে শ্বেয়াৰ কৰা বিলখনত দেখা খাদ্য সমূহ আছিল এনেধৰণৰ চাৰিটা কেপ্ৰেজ চালাড আছিল ১৫ আমেৰিকান ডলাৰ, দুটা ব্ৰুচেট্টাৰ ১১আমেৰিকান ডলাৰ, এটা calamari starter, তিনিটা পিজ্জা আৰু পাঁচটা পাস্তাৰ ব্যঞ্জন আছিল।

Dessertত আছিল চকলেট টৰ্টৰ দুটা টুকুৰা ১৬ আমেৰিকান ডলাৰ আৰু এটা নিউটেলা পিজ্জা ১৬ আমেৰিকান ডলাৰ।

ছ’চিয়েল মিডিয়াত ৪৬হাজাৰ টকা ৰেষ্টুৰাৰ খাদ্যৰ এই বিলখন দেখি অনুৰাগীসকলে নানা ধৰণৰ আমোদজনক কমেন্টো আগবঢ়াইছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,877 other subscribers

Leave a comment

Leave a Reply