নিউজ ডেস্কঃ সকলোৰে প্ৰিয় ধাৰাবাহিক বেহাৰবাৰী আউটপোষ্টৰ কেকে – মোহনৰ জুঁতি এতিয়া সকলোৰে প্ৰিয়। দুজনৰ অভিনয় সন্মুখৰ পৰা চাবলৈয়ে গোটেই ৰাতি বিহুস্থলীতেই হওক বা অন্য অনুষ্ঠানত অধীৰ আগ্ৰহৰে ৰখি থাকে দৰ্শকক।
কিন্তু এইবাৰ ব’হাগৰ বিহুৰ মঞ্চত দেখা নাপাব কেকে – মোহনক একেলগে। এইবাৰ কেকে ছাৰে সৈতে বিহু মঞ্চত একেলগে যাব SI প্ৰীতম ছাৰ।
এইকথা কেকে ছাৰে ফেচবুক পোষ্টৰ জৰিয়তে দেওবাৰে নিজেই জানিবলৈ দিয়ে। আৰু তেওঁ পোষ্টটোত লিখে যে, “২০২৩ চনৰ ডাঙৰ সিদ্ধান্তটো হ’ল, ৯ বছৰৰ মুৰত আজি আকৌ ষ্টেটাচ দিলো। এইবাৰ মোহনে ময়ে একেলগে অনুষ্ঠান নকৰো । এই বাৰ মই আৰু “প্ৰীতম চাৰ” যাম আপোনালোকৰ বিহুলৈ” ।
উল্লেখযোগ্য যে, ৰেঙণি চেনেলনত প্ৰচাৰ হোৱা জনপ্ৰিয় ধাৰাবাহিক বেহাৰবাৰী আউটপোষ্টত অভিনেতা সিদ্ধাৰ্থ শৰ্মাই কে কে ছাৰ অভিয়ন কৰাৰ লগতে অভিনেতা দ্বীপজ্যোতি কেওঁটে মোহনৰ অভিনয় কৰে। ইফালে অভিনেতা প্ৰীতম বৰুৱাই নিজা নামেৰে SI প্ৰীতম ছাৰৰ চৰিত্ৰটো অভিনয় কৰি আহিছে।