নিউজ ডেস্ক– বলীউদৰ এসময়ৰ জনপ্ৰিয় অভিনেতা ৰাহুল ৰয়ৰ শ্বুটিঙৰ মাজতেই হয় ব্ৰেইন ষ্ট্ৰ’ক। অভিনেতা গৰাকীক মুম্বাই নানাৱতী হস্পিতালত ভৰ্ত্তি কৰোৱা হয়।বৰ্তমান অভিনেতা গৰাকী আই চি ইউত চিকিৎসাধীন হৈ আছে।

অভিনেতা গৰাকী তেওঁৰ আহিবলগীয়া চিনেমা ‘LAC-LIVE THE BATTLE’ শ্বুটিঙত ব্য়স্ত হৈ আছিল। শ্বুটিং কৰি থকা অৱস্থাতে ব্ৰেইন ষ্ট্ৰ’ক হয় অভিনেতা গৰাকীৰ।

উল্লেখ্য় যে দীৰ্ঘ সময়ৰ বিৰতিৰ পাছত অভিনেতা গৰাকীয়ে বলীউদলৈ ঘূৰি আহিছিল। সম্প্ৰতি অভিনেতাজনৰ স্বাস্থ্য় কিছু উন্নত হৈছে বুলি চিকিৎসকে জানিবলৈ দিছে।

৯০ দশকৰ জনপ্ৰিয় অভিনেতা আছিল ৰাহুল ৰয়। বলীউদৰ জনপ্ৰিয় চলচ্চিত্ৰ ‘আশিকী’ৰ জৰিয়তে অভিনেতাজনে বলীউদত খোজ পেলাইছিল।

শেহতীয়াকৈ অভিনেতা গৰাকীক দেখা গৈছিল ‘বিগ বছ-১’ ত। ‘বিগ বছ-১’ৰ তেওঁ বিজয়ী হৈছিল।

অভিনেতা গৰাকীৰ আশু-আৰোগ্য়ৰ কামনা কৰি ছচিয়েল মিডিয়াত পষ্ট কৰিছে তেওঁৰ অসংখ্য় শুভাকাংশীয়ে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply