নিউজ ডেস্কঃ বিশ্ব ব্ৰহ্মাণ্ড সুন্দৰী সুস্মিতা সেন বিবাহপাশত আবদ্ধ হোৱাৰ খবৰে ছ’চিয়েল মিডিয়াত খলকনি তুলিছে।  আই পি এলৰ প্ৰাক্তন বিতৰ্কিত অধ্যক্ষ ললিত মোদীৰ সৈতে বিবাহপাশত আবদ্ধ হৈছে নেকি প্ৰাক্তন ব্ৰহ্মাণ্ড সুন্দৰীগৰাকী? এইলৈ এতিয়া নেটিজেনসকলৰ মাজত চৰ্চা চলিছে।

ললিত মোডীয়ে ছচিয়েল মিডিয়াৰ যোগে এই কথা নিজেই সদৰী কৰিছে। লগতে তেওঁ কৈছে যে এই সম্পৰ্ককলৈ তেওঁ যথেষ্ঠ সুখী।

দুয়োৰে প্ৰেমৰ খবৰ চৰ্চিত হোৱাৰ পাছতে ললিত মোদীৰ ন বছৰ পুৰণা এটা টুইট ভাইৰেল হৈ আছে। য’ত তেওঁ সুস্মিতাক টেগ কৰি লিখিছিল, “মোৰ এছএমএছৰ উত্তৰ দিয়া।” টুইটটোত ২০১৩চনৰ। 

ইয়াৰ পিছত আন এটা টুইট আছিল

এতিয়া ভাইৰেল হৈ পৰা এই টুইটটোক উদ্দেশ্য এজনে কয় ‘ন বছৰ পুৰণা প্ৰশ্নৰ উত্তৰ অৱশেষত সুস্মিতাই দিলে।’কোনোৱে লিখিছে ‘ভাল কামত সদায় সময় লাগে।’ আন এজনে লিখিছে ‘ন বছৰ অপেক্ষা কৰিলে। ‘

সুস্মিতাৰ লগত এই সম্পৰ্কৰ কথা সদৰী কৰি ললিত মোদীয়ে ইনষ্টাগ্ৰামত দুয়োৰে কেইখনমান ফটো শ্বেয়াৰ কৰিছে। ‘মই মোৰ পৰিয়াল তথা অৰ্ধাংগিনীৰ লগত মালদ্বীপ আৰু চাৰ্ডিনিয়া ভ্ৰমণৰ পিছত লণ্ডনলৈ উভতিছো। ‘

ইয়াৰ পিছতে দুয়ো বিবাহপাশত আবদ্ধ হোৱাৰ খবৰ চৰ্চিত হোৱাৰ পিছতে ললিত মোদীয়ে টুইট কৰি কয় যে তেওঁলোক এতিয়াও বিবাহপাশত আবদ্ধ হোৱা নাই সম্পৰ্কতহে আছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply