নিউজ ডেস্ক: অহা ২১ ছেপ্টেম্বৰৰ পৰা শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত ‘লোকমন্থন’ শীৰ্ষক ৰাষ্ট্ৰীয় পৰ্যায়ৰ এক চাৰিদিনীয়া সাংস্কৃতিক অনুষ্ঠান আয়োজন কৰা হ’ব। লোক পৰম্পৰাক মুখ্য বিষয়বস্তু হিচাপে লৈ অসম পর্যটন উন্নয়ন নিগমৰ সহযোগিতাত উত্তৰ-পূৰ্বাঞ্চলৰ বৌদ্ধিক মঞ্চ (আই এফ এন ই)-এ এই অনুষ্ঠান অনুষ্ঠিত কৰিব।
অনুষ্ঠানৰ অংশ হিচাপে ২২ ছেপ্টেম্বৰত পুৱা ১০ বজাত উদ্বোধনী অধিৱেশনৰ আয়োজন কৰা হ’ব। উক্ত অনুষ্ঠানত দেশৰ উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখাৰ মুখ্য অতিথি ৰূপে উপস্থিত থকাৰ লগতে ‘সন্মানীয় অতিথি’ হিচাপে উপস্থিত থাকিব অসম আৰু নাগালেণ্ডৰ ৰাজ্যপাল অধ্যাপক জগদীশ মুখী আৰু ‘বিশিষ্ট অতিথি’ৰ আসন অলংকৃত কৰিব মুখ্য মন্ত্রী হিমন্ত বিশ্ব শৰ্মাই।
ইযাৰ পূৰ্বে ২১ ছেপ্টেম্বৰত সন্ধিয়া ৫ বজাত প্ৰদর্শনী তথা সাংস্কৃতিক অনুষ্ঠানৰ আনুষ্ঠানিক উদ্বোধন কৰা হ’ব। সন্ধিয়াৰ অনুষ্ঠানত অসম চৰকাৰৰ উদ্যোগ আৰু -বাণিজ্য বিভাগ, ৰাজহুৱা উদ্যোগ আৰু সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী বিমল বৰা, মণিপুৰ আৰু ৰাজ্যসভাৰ সদস্য মহাৰাজা লেইচেম্বা চানাজাওবা আৰু ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ অসম ক্ষেত্ৰৰ বৌদ্ধিক প্রমুখ তীৰ্থাংক দাস কলিতাই।
উল্লেখযোগ্য যে ২০১৬ চনত ‘ঔপনিৱেশ মুক্ত ভাৰতীয় মন’ এই বিষয়বস্তুক গুৰুত্ব দি ‘লোকমন্থন’ৰ প্ৰথম সংস্কৰণ অনুষ্ঠিত কৰা হৈছিল। ২০১৮ চনত অনুষ্ঠিত ‘লোকমন্থন’ দ্বিতীয় সংস্কৰণৰ বিষয়বস্তু আছিল ভাৰত বোধ: জন গণ মন; ভাৰতৰ ধাৰণা: ৰাষ্ট্র-সমাজ-মন।
এইবাৰ গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া ‘লোকমন্থন’ৰ তৃতীয়টো সংস্কৰণৰত দ্বিবার্ষিক আলোচনা চক্ৰৰ বিষয়বস্তু হৈছে লোকপৰম্পৰা (লোক পৰম্পৰা) আৰু লোক পৰম্পৰাই কেনেদৰে আমাৰ সাংস্কৃতিক চেতনা অক্ষুণ্ণ ৰখাৰ লগতে ৰাষ্ট্ৰীয় স্বাতন্ত্র্যৰ অনুভূতি শক্তিশালী কৰিছে সেই সম্পর্কে আলোচনা কৰা।
লগতে পঢ়ক – মাৰ্ঘেৰিটাত বিশ্বকৰ্মাৰ পূজাৰ নিশা ভয়ংকৰ পথ দুৰ্ঘটনা; এজন নিহত, দুজন আহত