নিউজ ডেস্ক: বলীউডৰ প্ৰয়াত অভিনেতা সুশান্ত সিং ৰাজপুত যদিও আমাৰ মাজত বৰ্তমান নাই, তথাপিও তেওঁৰ অভিনীত ছবিবোৰ এতিয়াও অনুৰাগীসকলে পছন্দ কৰে। যদি আমি সুশান্তৰ কেৰিয়াৰৰ আটাইতকৈ সফল ছবিখনৰ কথা কওঁ, তেন্তে পৰিচালক নীৰজ পাণ্ডেৰ নিৰ্দেশনাত নিৰ্মিত ‘এম এছ ধোনী: দ্য আনটোল্ড ষ্ট’ৰী’ নাম অন্তৰ্ভুক্ত হয়।

ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক মহেন্দ্ৰ সিং ধোনীৰ এই জীৱনীমূলক ছবিখনৰ বিষয়ে শেহতীয়া ভাৱে এটা ডাঙৰ আপডেট ওলাইছে। আপডেটটোত কোৱা হৈছে যে ‘এম এছ ধোনী: দ্য আনটোল্ড ষ্ট’ৰী’ ছবিখন পুনৰ ছবিগৃহত মুক্তি পাব।

বৃহস্পতিবাৰে, ষ্টাৰ ষ্টুডিঅ’ই নিজা অফিচিয়েল টুইটাৰ হেণ্ডেলত এটা টুইট কৰি জনাই যে, সুশান্ত সিং ৰাজপুত অভিনীত ছবি ‘এম এছ ধোনী: দ্য আনটোল্ড ষ্ট’ৰী’ পুনৰ ৰূপালী পৰ্দাত মুক্তি পাব।

“যেতিয়া মাহী পুনৰ পিটছত আহিব, সমগ্ৰ ভাৰতে কেৱল ধোনী ধোনী চিঞৰিব। ১২ মে’ত, ‘এম এছ ধোনী: দ্য আনটোল্ড ষ্ট’ৰী’ ছবিগৃহত পুনৰ মুক্তি পাব” বুলি ষ্টাৰ ষ্টুডিঅ’ই নিজা অফিচিয়েল টুইটাৰ হেণ্ডেলত এখন পোষ্টাৰ শ্বেয়াৰ কৰি এনেদৰে লিখে।

লগতে পঢ়ক – অৰুণাচলত ভয়ংকৰ ভূমিস্খলন! অসমৰ ৪ জন শ্ৰমিক নিহত

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply