নিউজ ডেস্কঃ অসমীয়া চিনেমাই পুনৰবাৰ অসমবাসীলৈ কঢ়িয়াই আনিছে এক আশাৰ বতৰা। আগন্তুক ১৯ মাৰ্চত হায়দৰাবাদত অনুষ্ঠিত হ’বলগীয়া সন্মানীয় ৭ম ভাৰতীয় বিশ্ব চলচ্চিত্ৰ মহোত্সৱলৈ নিৰ্বাচিত হৈছে তনুজ নাথৰ “মেড ইন নলবাৰী”।
প্ৰথমবাৰৰ বাবে অসমীয়া চিনেমাই এই বিশ্ব চলচ্চিত্ৰ মহোত্সৱলৈ আনুষ্ঠিকভাৱে নিৰ্বাচিত হৈছে।
ইয়াৰ পূৰ্বে ছবিখনে গেংটক আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোত্সৱত শ্ৰেষ্ঠ ফিচাৰ ফিল্মৰ খিতাপ পোৱাৰ লগতে গোল্ডেন ফাৰ্ণ চলচ্চিত্ৰ বঁটা পাবলৈ সক্ষম হৈছে। উক্ত চিনেমা আন্তৰ্জাতিক স্মিৰ্ণা চলচ্চিত্ৰ মহোত্সৱতো আনুষ্ঠানিক ভাৱে নিৰ্বাচিত হৈছিল।
উল্লেখযোগ্য যে, মেড ইন নলবাৰীৰ পৰিচালক তনুজ নাথ বৰ্তমান ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সাংবাদিকতা আৰু গণ সংযোগ অধ্যয়ন কেন্দ্ৰৰ সহকাৰী অধ্যাপক হিচাপে কৰ্মৰত।