গুৱাহাটী: অহা ২৫ নৱেম্বৰৰ পৰা মাজুলীৰ জেংৰাই চাপৰিত অনুষ্ঠিত হ’ব তৃতীয় সংখ্যক মাজুলী সংগীত মহোৎসৱ। ভাৰতৰ আন বিখ্যাত উৎসৱ সমূহৰ দৰেই জনপ্ৰিয় মাজুলী সংগীত মহোৎসৱ প্ৰতি বছৰে নবেম্বৰ মাহত অনুষ্ঠিত হৈ আহিছে। এইবাৰো তিনিদিনীয়া কাৰ্যসূচীৰে মাজুলীৰ খেৰকটীয়া নৈৰ পাৰৰ জেংৰাই চাপৰি গাঁওত  বৰ্ণাঢ্য কাৰ্য্যসূচীৰে এই মহোৎসৱ অনুষ্ঠিত হ’ব। 

মাজুলী মিউজিক ফেষ্টিভেল ফাউণ্ডেশ্যন , RÍGBO ৰ উদ্যোগত আৰু দেশৰ অন্যান্য চৰকাৰী বেচৰকাৰী অনুষ্ঠানৰ সহযোগত অনুষ্ঠিত এই মহোৎসৱে ২০১৯ আত্মপ্ৰকাশ কৰিছিল। উদ্যমী যুৱক মুকুল দলে, মমী পেগু আৰু স্থানীয়  সংগীত তথা সংস্কৃতি প্ৰেমী  ব্যক্তিৰ ত্যাগ আৰু কষ্টৰ ফলশ্ৰুতিত জন্ম লাভ কৰিছিল এই অনুষ্ঠান। জন্ম লগ্নৰে পৰা মাজুলী সংগীত মহোৎসৱ এ লাভ কৰিছে দেশ বিদেশৰ জনপ্ৰিয়তা। চাই মিট ট’ষ্ট (কেৰেলা), ৰেইন ইন চাহাৰা( অসম, স্পেইন), আলব নাগা ( নাগালেণ্ড), শংকুৰাজ কোঁৱৰ (অসম), ট্ৰান্স ইফেক্ট (নাগালেণ্ড) ইত্যাদি বিখ্যাত আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন সংগীত গোষ্ঠী তথা গায়কে মহোৎসৱত প্ৰথম আৰু দ্বিতীয় সংস্কৰনত অনুষ্ঠান পৰিবেশন কৰি দেশ- বিদেশত জনপ্ৰিয় কৰি তুলিছে।

২৫ নৱেম্বৰৰ পৰা ২৭ নৱেম্বৰলৈ তিনি দিনীয়াকৈ অনুস্থিত হ’ব লগা অনুষ্ঠানত দেশ- বিদেশৰ আগশাৰীৰ সংগীত গোষ্ঠী তথা বিখ্যাত গায়কে তেওঁলোকৰ অনুস্থান পৰিবেশন কৰিব । উৎসৱত ভাৰতৰ ভিন্ন প্ৰান্তৰ লগতে  মাজুলী স্থিত জনজাতি সকলৰ থলুৱা খাদ্য সম্ভাৰ ও সাজ-পাৰৰ বিপনীও  প্ৰদৰ্শন কৰা হ’ব।

লক্ষ্য,উদ্দেশ্য আৰু প্ৰাপ্তি

এই অনুষ্ঠানৰ জন্মৰ লগত জড়িত হৈ আছে মাজুলীৰ সামগ্ৰীক উন্নয়ন।  মাজুলীৰ পৰ্য্যটনৰ ক্ষেত্ৰখনক অধিক জনপ্ৰিয় কৰি তোলা আৰু গ্ৰাম্য অৰ্থনীতিৰ সৱলীকৰণ এই অনুষ্ঠানৰ মূল লক্ষ্য আৰু উদ্দেশ্য। মাজুলীৰ পৰ্য্যটন ক্ষেত্ৰখনত প্ৰচুৰ সম্ভাৱনীয়তা আছে । মাজুলী প্ৰাচীন কালৰে পৰা মাজুলী পৰ্য্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু। পৃথিৱীৰ বৃহত্তম নদীদ্বীপ হিচাপে দেশে- বিদেশে পৰিচিত মাজুলী। তাৰোপৰি আধ্যাত্মিকতা আৰু বিভিন্ন জাতিৰ-জনজাতীয় সংস্কৃতিৰ সমন্বয়ৰ পিঠ স্থান হিচাপেও মাজুলীৰ এক সুকীয়া পৰিচয় আছে। প্ৰাকৃতিক সৌন্দৰ্য্য,  নৈপৰীয়া লোকৰ বিচিত্ৰ জীৱন ধাৰণ প্ৰনালী, খাদ্যাভাস, বাসস্থান, সাজ-পাৰ ইত্যাদিৰ বাবেও পূৰ্বৰে পৰা মাজুলী পৰ্য্যটকৰ আকৰ্ষণৰ ঠাই। চামগুৰিৰ সত্ৰৰ মুখা শিল্প পৃথিৱী বিখ্যাত।

এনে এক পৰ্য্যটনৰ সম্ভাৱনাপূৰ্ণ ঠাইত মাজুলী সংগীত মহোৎসৱৰ প্ৰভাৱ ইতিবাচক। জন্ম লগ্নৰে পৰা মাজুলী সংগীত মহোৎসৱত প্ৰতি বছৰে প্ৰায় 20 হেজাৰৰ পৰা 25 হেজাৰ দেশী- বিদেশী পৰ্যটকক আকৰ্ষিত কৰি আহিছে। থলুৱা উৎপাদিত সামগ্ৰী যেনে : পৰম্পৰাগত সাজ-পাৰ, খাদ্য ইত্যাদিৰ বানিজ্য সমপ্ৰসাৰণ কৰাত গুৰুত্ব আৰোপ কৰি আহিছে । Homestay, Resort, Hotel আদি ব্যৱসায়ৰ জৰিয়তে গ্ৰাম্য অৰ্থনীতিৰ ভেটি সবল কৰাত বিশেষ ভূমিকা গ্ৰহণ কৰিছে। নৱপ্ৰজন্মক স্বাৱলম্বীতাৰ প্ৰতি আকৰ্ষিত কৰি সামাজিক ভেটি সুদৃঢ় কৰাত মাজুলী সংগীত মহোৎসৱৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে।

ইতিমধ্যে জেংৰাইমুখ অঞ্চলত মাজুলী সংগীত মহোৎসৱৰ উচাহ পৰিলক্ষিত হৈছে। স্থানীয় গাঁওৰ লোক সকলৰ মাজত মহোৎসৱ তথা পৰ্যটকক আদৰিব বাবে সকলোধৰণে সাজু হোৱা পৰিলক্ষিত হৈছে। থলুৱা খাদ্য সামগ্ৰী , সাজ-পাৰ আদি বিপনীসমূহৰ বাবে প্ৰস্তুত কৰা হৈছে। পৰ্যটক সকলৰ থকা-খোৱাৰ বাবে অঞ্চলৰ প্ৰত্যেকগৰাকী ব্যক্তিয়ে তেওঁলোকৰ বাসস্থান সমূহত অতিথিক আদৰিবৰ সাজূ কৰা পৰিলক্ষিত হৈছে।

লগতে পঢ়ক – তাঁত শালত বহি সপোন ৰচিছে পাথৰিচুক গাঁৱৰ শিপিনী সকলে

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,863 other subscribers

Leave a comment

Leave a Reply Cancel reply