নিউজ ডেস্কঃ বিশ্বৰ ইতিহাসত অতি কম বয়সত শান্তিৰ নোবেল বঁটা লাভ কৰা পাকিস্তানৰ জীয়ৰী মালালা ইউছুফজাই বিবাহপাশত আবদ্ধ হয়। বাৰ্মিংহামত পাকিস্তানৰ এছেৰ মল্লিকৰ লগত বিবাহপাশত আবদ্ধ হ’ল মালালা। মালালাই নিজৰ টুইটাৰযোগে বিবাহৰ অনুষ্ঠানৰ ফটো শ্বেয়াৰ কৰে।

ছ’চিয়েল মিডিয়াৰ তথ্য় অনুসৰি এছেৰ মল্লিক পাকিস্তানৰ ক্ৰিকেট ব’ৰ্ডৰ এজন জ্যেষ্ঠ কাৰ্যবাহী হিচাপে কৰ্মৰত।

“আজি মোৰ জীৱনৰ এটা মূল্যৱান দিন। এছাৰ আৰু মই দুয়ো বিবাহপাশত আৱদ্ধ হৈছো। আমি আমাৰ পৰিয়ালৰ সৈতে বাৰ্মিংহামৰ ঘৰত অনুষ্টুপীয়াকৈ নিকাহৰ অনুষ্ঠান সম্পন্ন কৰিলো। এই নতুন যাত্ৰাৰ বাবে যথেষ্ট উৎসাহিত হৈ আছো। সকলোৱে আমাৰ বাবে প্ৰাৰ্থনা কৰক ।”

২৪ বছৰীয়া মালালা ইউছুফজাই নাৰী শিক্ষাৰ বাবে পাকিস্তানত যথেষ্ট কাম কৰিছে। তেওঁ ইতিহাসৰ আটাইতকৈ কম বয়সীয়া নবেল শান্তি বঁটা বিজয়ী। ২০১২ চনত, মাত্ৰ ১৪বছৰ বয়সতে মালালাই উত্তৰ-পশ্চিম পাকিস্তানত নাৰী শিক্ষাৰ প্ৰয়োজনীয়তাৰ হকে মাত মতাৰ বাবে তালিবানৰ আক্ৰমণৰ স্বীকাৰ হৈছিল।

তালিবানে ২০ বছৰ আগতে মহিলাসকলক বিদ্যালয়লৈ যোৱাত বাধা দিছিল আৰু এই নিৰ্দেশ অমান্য কৰাসকলক কঠোৰ শাস্তি বিহিছিল ।

ইয়াৰ পাছতে তালিবান আক্ৰমণৰ বিৰুদ্ধে সাহসেৰে থিয় হৈছিল মালালা ইউছুফজা । ২০১১ চনত মালালাক পাকিস্তানৰ ৰাষ্ট্ৰীয় যুৱ শান্তি পুৰস্কাৰ প্ৰদান কৰা হৈছিল। ২০১৪ চনত ১৭ বছৰ বয়সত মালালা ইউছুফজাইক শান্তিৰ নোবেল বঁটাৰে সন্মানিত কৰা হয় ।

লগতে পঢ়কঃপুনম পাণ্ডেৰ স্বামী ছেম ব’ম্বেক গ্ৰেপ্তাৰ, অভিনেত্ৰী গৰাকীৰ ওপৰত শাৰীৰিক নিৰ্যাতনৰ অভিযোগ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,999 other subscribers

Leave a comment

Leave a Reply