নিউজ ডেস্কঃ বৰ্তমান সময়ত ছ’চিয়েল মিডিয়াৰ অতিকৈ জনপ্ৰিয় গীত ”মানিকে মাগে হিথে”। এই গীতটি গাই ৰাতিটোৰ ভিতৰতে বিশ্বজুৰি জনপ্ৰিয়তা অৰ্জন কৰা শ্ৰীলংকাৰ গায়িকা য়োহানীয়ে এতিয়া বলীউডত নিজৰ দক্ষতা প্ৰদৰ্শন কৰাৰ সুযোগ পাইছে। তেওঁৰ এই বিখ্যাত গানটো ইউটিউবত ১৬০ মিলিয়নতকৈও অধিক লোকে প্রত্যক্ষ কৰিছে।

শ্ৰীলংকাৰ য়োহনীয়ে এই গীতটোৰ এইবাৰ হিন্দী সংস্কৰণ গাব । গীতটো অজয় দেৱগনৰ আহিবলগীয়া চলচ্চিত্ৰ ”থ্যাংক গডত” অন্তৰ্ভুক্ত হ’ব।

য়োহানীয়ে নিজেই সামাজিক মাধ্যমত এটা পোষ্টৰ জৰিয়তে এই বিষয়ে শ্বেয়াৰ কৰিছে। বলীউডত আত্মপ্ৰকাশক লৈ য়োহানীক যথেষ্ঠ উৎসাহিত দেখা গৈছে। য়োহানীয়ে বলীউডৰ ছবি পৰিচালক ইন্দ্ৰ কুমাৰৰ সৈতে এখন ফটো শ্বেয়াৰ কৰিছে।

শেহতীয়াকৈ য়োহানীক জনপ্ৰিয় ৰিয়েলিটী শ্ব’ ‘বিগ বছ ১৫’ মঞ্চত ছলমান খানৰ সৈতে গানটো গোৱাৰ লগতে ৰণবীৰ সিঙৰ ‘দ্য বিগ পিকচাৰ’ কুইজ শ্ব’তো দেখা গৈছিল।

এই ভাৰত ভ্ৰমণৰ সময়তে তেওঁ ‘শিদ্দত’ চলচ্চিত্ৰত আৱহ সংগীতেৰে বলীউডত আত্মপ্ৰকাশ কৰিছে।

উল্লেখ্য, সতীশন ৰত্নাকে প্ৰথমবাৰৰ বাবে ২০২০ চনত ‘মানিকে মাগে হিথে’ গাইছিল যদিও গানটোৱে তেতিয়া বেছি জনপ্ৰিয়তা লাভ কৰা নাছিল। য়োহানীয়ে ইয়াক প্ৰচাৰ আৰু প্ৰসাৰ দিয়ে।

এতিয়া “থেং গড”ত এই গানটো অন্তৰ্ভুক্ত হ’লে চলচ্চিত্ৰখনে এটা বিশেষ মাত্ৰা পাব বুলি আশা কৰা হৈছে। এই ছবিখন অহা বছৰ ছবিগৃহলৈ আহিব। “থেং গড” ছবিখনত অজয় দেৱগণৰ লগতে অভিনয় কৰিছে সিদ্ধাৰ্থ মালহোত্ৰা আৰু ৰকুল প্ৰীত সিঙে ।

লগতে পঢ়কঃশ্বাহৰুখ পুত্ৰ আৰিয়ানৰ লগত নাম সাঙোৰ খাই পৰা অনন্যা পাণ্ডেলৈ এন চি বিৰ চমন

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,049 other subscribers

Leave a comment

Leave a Reply