নিউজ ডেস্ক– বলীউদ জগতলৈ নহয় ৰাজনীতিলৈ ঢাপলি মেলিছে এগৰাকী সুন্দৰীয়ে। ২০১৯বৰ্ষৰ মিছ ইণ্ডিয়া দিল্লীৰ খিতাপ অৰ্জন কৰা মানসী ছেহগালে যোগদান কৰিলে আম আদমী পাৰ্টিত। সোমবাৰে  দলটোৰ নেতা ৰাঘৱ শদ্ধাৰ উপস্থিতিত যোগদান কৰে মানসীয়ে। দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ পৰা অনুপ্ৰাণিত হৈ মানসীয়ে আপত যোগদানৰ সিদ্ধান্ত লয়। 

মানসী ছেহগাল এগৰাকী মডেলৰ লগতে অভিযন্তাও। দ্বাৰকা দিল্লী পাব্লিক স্কুলৰ পৰা মানসীয়ে স্কুলীয়া শিক্ষা আৰম্ভ কৰিছিল। তাৰ পিছত মানসীয়ে নেতাজী সুভাষ ইনষ্টিটিউত অৱ টেকন’লজীৰ পৰা বি.টেক ডিগ্ৰী লাভ কৰে।

ভৱিষ্যতে মানসীয়ে দেশৰ হকে কাম কৰিবলৈ আগ্ৰহী। আপত যোগদান কৰি দলটোৰ নীতি-আদৰ্শত সন্তুষ্ট বুলি প্ৰকাশ কৰে মানসীয়ে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,027 other subscribers

Leave a comment

Leave a Reply