নিউজ ডেস্কঃ বিশ্বত পুনৰ কৰোণাৰ নতুন ‘ভেৰিয়েন্ট’ অমিক্ৰণে সন্ত্ৰাস আৰম্ভ কৰিছে। কৰোণা সংক্ৰমণৰ বাবে এই বৰ্ষৰ ‘মিছ ৱৰ্ল্ড’ প্ৰতিযোগিতা স্থগিত ঘোষণা কৰিছে আয়োজকে।
এইবাৰ প’টোৰিকোত অনুষ্ঠিত হ’ব মিছ ৱৰ্ল্ড প্ৰতিযোগিতা-২০২১। সৌন্দৰ্য প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰিবলৈ যোৱা ১৭ গৰাকী সুন্দৰীৰ দেহত ধৰা পৰিছে কৰোণা ভাইৰাছ।
বিশ্বৰ বিভিন্ন প্ৰান্তৰ এই ১৭গৰাকী সুন্দৰীৰ লগতে ভাৰতৰ মনসা বাৰাণসীয়ো আক্ৰান্ত হৈছে ক’ভিড-১৯ত।
ক’ভিডৰ এই সংক্ৰমণৰ বাবে পিছুৱাই দিয়া হৈছে ‘মিছ ৱৰ্ল্ড’ প্ৰতিযোগিতা। আয়োজকৰ ফালৰ পৰা বিবৃতি দি কোৱা হৈছে যে ‘মিছ ৱৰ্ল্ড-২০২১’ প্ৰতিযোগিতা সদ্যহতে পিছুৱাই দিয়া হৈছে। অহা ৯০ দিনৰ ভিতৰত এই প্ৰতিযোগিতাখন অনুষ্ঠিত কৰা হ’ব।
লগতে পঢ়কঃপ্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ ভূটানৰ সৰ্বোচ্চ অসামৰিক সন্মান
আয়োজকসকলে জানিবলৈ দিয়া মতে বৰ্তমান তেওঁলোকেই প্ৰতিযোগী তথা কৰ্মীসকলৰ চিকিৎসাৰ দায়িত্ব লৈছে। ক’ভিডমুক্ত হোৱাৰ পাছত চিকিৎসকৰ পৰামৰ্শ মতে সকলোৱে নিজৰ নিজৰ ঘৰলৈ যাব পাৰিব।
ভাৰতৰ মনসা বাৰাণসীয়ে ২০২০ বৰ্ষত ‘মিছ ইণ্ডিয়া’ৰ খিতাপ জয় কৰিছিল। ইয়াৰ পূৰ্বে তেওঁ ‘মিছ তেলেংগানা’ৰ খিতাপো অৰ্জন কৰিছিল।