ক’ভিড এতিয়াও শেষ হোৱা নাই যদিও বৰ্তমান সময়ৰ পৰিস্থিতিক লৈ ভ্ৰাম্যমান পুনৰ আৰম্ভ কৰিবলৈ যোজা কৰিছে ৰাজ্যৰ আগশাৰীৰ বহু কেইটা ভ্ৰামামান গোষ্ঠীয়ে ।
ভ্ৰাম্যমাণৰ এটা বছৰ আৰম্ভ হয়, এপ্ৰিল-মে মাহৰপৰা। তাৰ আগতেই নাট্যকাৰৰ লগত যোগাযোগ কৰি নাট ৰচনা কৰি স্থিৰ কৰা হয় আৰু কলা-কুশলী সকলক ঠিকা-ভিত্তিত বৰ্ষটোলৈ নিযুক্তি দিয়া হয়। জুন-জুলাই মাহৰপৰা নাটকৰ আখৰা আৰম্ভ হয়।
এইবাৰ পৰিস্থিতি কিছু বেলেগ | যোৱা এটা বছৰে বন্ধ হৈ থকা ভ্ৰাম্যমান থিয়েটাৰ সমূহে বহু আশাৰে আজিৰে পৰা আৰম্ভ কৰিছে আখৰা । নতুন এছ অ পি ঘোষণা কৰি স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই জনাই, বৰ্তমান সময়ত ভ্ৰাম্যমান থিয়েটাৰৰ আখৰা আৰম্ভ কৰিবলৈ অনুমতি দিয়া হৈছে , কিন্তু নাট মঞ্চায়নৰ ক্ষেত্ৰত পৰৱৰ্তী সময়তহে সিদ্ধান্ত ল’ব ।

জনপ্ৰিয় অভিনেত্ৰী আবাহন থিয়েটাৰৰ প্ৰযোজক প্ৰস্তুতি পৰাশৰেও আজিৰে পৰা আৰম্ভ কৰিছে আখৰা ।
ছেপ্টেম্বৰৰ শেষত ৰাইজৰ মাজলৈ আৱাহন থিয়েটাৰ যাব পাৰিব বুলি আশাবাদী থিয়েটাৰ গোষ্ঠীটো ।
আখৰাৰ পূৰ্বে কালি এইবছৰৰ নাটকৰ লগত ৰজিতা খুৱাই সৃষ্টি কৰা ‘জয়া নাই’ শীৰ্ষক গীত মুকলি কৰিছে ।
এই বছৰৰ প্ৰস্তুতি সম্পৰ্কে অভিনেত্ৰী প্ৰস্তুতি পৰাশৰে কয়, “২ বছৰৰ অন্তত ২০২১-২২ বৰ্ষৰ বাবে পুনৰ সাজু ভ্ৰাম্যমাণ থিয়েটাৰ। সীমিত সংখ্যক কলা-কুশলীৰে নাট প্ৰদৰ্শনৰ বাবে যো-জা চলাইছো । সকলো ঠিকে-ঠাকে থাকিলে ছেপ্টেম্বৰৰ শেষভাগলৈ ৰাইজে ওচৰ চাপিব পাৰিম বুলি আশা কৰিছো।”
অভিনেত্ৰী প্ৰস্তুতি পৰাশৰে লগতে কয়, সময় যিমানেই জটিল নহওঁক কিয় জীয়াই থকাৰ সংগ্ৰাম খন টো চলাই যাবই লাগিব।অসমৰ ৰাইজেই আমাৰ সাহস আৰু শক্তি।
কেবল আবাহনেই নহয় আন কেইবাখনো আগশাৰীৰ থিয়েটাৰে আজিৰে পৰা আখৰা আৰম্ভ কৰিছে ।
আন এগৰাকী জনপ্ৰিয় অভিনেতা মৃদুল ভূঞাই জনোৱা মতে, “ক্ৰমান্বয়ে মুকলি পৰিৱেশৰ দিশে গতি কৰিছে পৃথিৱীয়ে । লাহে লাহে পৃথিৱীৰ পৰা মহামাৰীৰ সংক্ৰমণ কমি আহিছে । গতিকে আমি আশা কৰো থিয়েটাৰ হব । ইতিমধ্যে থিয়েটাৰৰ বাবে সমগ্ৰ অসমবাসী ৰাইজ,আহ্বায়ক সমিতি অধীৰ আগ্ৰহেৰে ৰৈ আছে । ভ্ৰাম্যমাণ থিয়েটাৰৰ প্রতি থকা আপোনালোকৰ অকৃত্ৰিম ভালপোৱাৰ বাবেই প্ৰায় ১ টা বছৰ বিৰতিৰ অন্তত আমি ইতিহাস থিয়েটাৰৰ পৰিয়ালবৰ্গই পুনৰ এটি নতুন নাট্যবৰ্ষৰ বাবে সম্পূৰ্ণৰূপে সাজু হৈছোঁ । নটৰাজৰ শ্ৰী চৰণত প্ৰণিপাত জনাই আৰু আপোনালোকৰ নিঃস্বাৰ্থ মৰম,আশীৰ্বাদ শিৰত লৈ ১ ছেপ্টেম্বৰৰ শুভ দিনটোত মাঙ্গলিক অনুষ্ঠানৰ মাজেৰে আমি ইতিহাস থিয়েটাৰ পৰিয়ালে পূৰ্ণোদ্যমে আখৰা কৰিম ।”
অসমৰ অন্যতম পেছাদাৰী অনুষ্ঠান ভ্ৰাম্যমান নাট্যগোষ্ঠী সমূহে কেনেদৰে নাট প্ৰদৰ্শন কৰিব । কৰোনাসৃষ্ট পৰিবেশৰ পৰা মুক্ত হ’ব পাৰিবনে সি আজিও অনিশ্চয়তাত । ভ্ৰাম্যমানৰ সৈতে জড়িত সকলক বাৰুকৈয়ে শিকাইছে বৰ্তমানৰ পৰিস্থিতিয়ে | বহু গৰাকী প্ৰতিষ্ঠিত শিল্পীয়ে নিজৰ পেছা সলনি কৰিবলৈ বাধ্য হৈছে । এনে অবস্থাত আজিৰে পৰা আখৰা শিবিৰ মুকলি কৰা ভ্ৰাম্যমানে বহুজনলৈ আশাৰ ৰেঙনি কঢ়িয়াই আনিছে ।
লগতে পঢ়ক চৰ্তসাপেক্ষে ৰাজ্যৰ সকলো জিলা সামৰি আন্তঃজিলা যাতায়ত মুকলি