ভাৰতৰ যশস্বী কন্ঠশিল্পী অনুপ জালোটা
ভাৰতৰ যশস্বী কন্ঠশিল্পী অনুপ জালোটা

নিউজ ডেস্ক– ভাৰতৰ যশস্বী কন্ঠশিল্পী তথা সংগীতপৰিচালক অনুপ জালোটাৰ জীৱনৰ আধাৰত তথ্যচিত্ৰ নিৰ্মাণ কৰিব পৰিচালক দেৱাশিষ সৰগমে(ৰাজ)। দেৱাশিষ সৰগম মুন হোৱাইট ফিল্মছ ইন্টাৰনেচনেল ফিল্ম ফেষ্টিভেলৰ সংস্থাপক।

দেৱাশিষ সৰগম ৰাষ্ট্ৰীয় আৰু আন্তৰ্জাতিক পৰ্যায়ত বঁটা লাভ কৰা পৰিচালক। দেৱাশিষ সৰগমে দাদা চাহেব ফাল্কে বঁটাও লাভ কৰিছে। মুন হোৱাইট ফিল্মছৰ বেনাৰতে নিৰ্মাণ হ’ব ‘পদ্মশ্ৰী এৱাৰ্ড’ লাভ কৰা অনুপ জালোটাৰ জীৱনৰ আধাৰত নিৰ্মাণ হোৱা চলচ্চিত্ৰখন।

”পদ্মশ্ৰী অনুপ জালোটা ভাৰতৰ এজন জনপ্ৰিয় কন্ঠশিল্পী। তেওঁৰ জীৱন যাত্ৰাৰ ওপৰত এখন তথ্যচিত্ৰ লিখিবলৈ আৰু পৰিচালনা কৰিবলৈ তেওঁৰ পৰা অনুমোদন লাভ কৰাটো মোৰ বাবে এটা পুৰস্কাৰ লাভ কৰাৰ দৰে। মোৰ অনুভূতি প্ৰকাশ কৰিবলৈ কোনো শব্দ নাই আৰু মোক এই সুযোগ দিয়াৰ বাবে তেওঁৰ প্ৰেম, সমৰ্থন আৰু আশীৰ্বাদ লাভ কৰাৰ বাবে সঁচাকৈয়ে তেওঁক ধন্যবাদ দিব বিচাৰো। অনুপ জীয়ে তেওঁৰ আন প্ৰজেক্টৰ পৰা ফ্ৰী হোৱাৰ পিছত আমি এই তথ্যচিত্ৰৰ দৃশ্যগ্ৰহণৰ কাম কৰা আৰম্ভ কৰিম,” এই বিষয়ে মন্তব্য কৰে পৰিচালক দেৱাশিষে।

মুনহোৱাইট ফিল্মছ ইণ্টাৰনেচনেল ফিল্ম ফেষ্টিভেলৰ লক্ষ্য হৈছে প্ৰতিভা আৰু তেওঁলোকৰ সাফল্যৰ ওপৰত আধাৰিত সৃষ্টিশীল লোকসকলক পুৰস্কিত কৰা ।

শেহতীয়াকৈ দেৱাশীষ সৰগমে(ৰাজ) আমেৰিকা যুক্তৰাষ্ট্ৰত অনুষ্ঠিত হোৱা ভাৰত গ্লোবেল আইকন পুৰস্কাৰো লাভ কৰিবলৈ সক্ষম হৈছে।

Also read: মিছেচ ইণ্ডিয়া ৱৰ্ল্ড ২০২১ৰ খিতাপ অৰ্জন কৰিলে উৰিষ্যাৰ নৱদ্বীপ কৌৰে

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,019 other subscribers

Leave a comment

Leave a Reply