মৰিগাওঁঃ প্ৰস্তুতি পৰাশৰ অভিনীত নৱমতম অসমীয়া ছবি গংগাৰ প্ৰচাৰৰ বাবে মৰিগাঁৱত উপস্থিত হয় অভিনেত্ৰী প্ৰস্তুতি পৰাশৰ। প্ৰচাৰকাৰ্যত বোলছবিখনৰ প্ৰযোজক অভিজিত ভট্টাচাৰ্য তথা অভিনেত্ৰী প্ৰস্তুতি পৰাশৰৰ উপৰিও অভিনেতা অৰূপ বৈশ্য , সংগীত পৰিচালক অজয় ফুকনকে প্ৰমুখ্য কৰি অন্যান্য কেইবাগৰাকীও শিল্পী কলা কুশলী উপস্থিত থাকে।

লগতে পঢ়কঃ১১ঘন্টা চাইকেল চলাই আহি কমাণ্ডোৰ ইন্টাৰভিউ দিবলৈ আহিল মৰিগাঁৱৰ দৰিদ্ৰ পৰিয়ালৰ যুৱক

উল্লেখ্য যে, চলিত বৰ্ষৰ ৬ মে’ত ৰাজ্যৰ চিত্ৰগৃহসমূহত মুক্তিলাভ কৰিব এই “গংগা” শীৰ্ষক অসমীয়া কথাছবিখন। যাক লৈ এতিয়া যথেষ্ট আশাবাদী শিল্পী, কলা-কুশলী সকল। আনহাতে, এই ছবিখনত দুগৰাকী শিশু শিল্পীৰ মনপৰশা অভিনয়ো দেখিবলৈ পাব দৰ্শকে। ছবিখনৰ প্ৰচাৰৰ সময়তে অজয় ফুকনে জুবিন গাৰ্গে দক্ষিণৰ চিনেমাক লৈ কৰা মন্তব্যক সমৰ্থন কৰে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,999 other subscribers

Leave a comment

Leave a Reply