নিউজ ডেস্কঃ আই পি এলত চেন্নাইৰ হৈ খেলিছিল তেওঁ। তেতিয়াৰ পৰা, ভাৰতীয় দলৰ বিশ্বকাপ বিজয়ী অধিনায়ক মহেন্দ্ৰ সিং ধোনীৰ সৈতে তামিলনাডুৰ ঘনিষ্ঠতা। সম্পৰ্কটো ইমান গভীৰ যে ধোনীক তামিলনাডুত ‘থালাইভা’ বা নেতা বুলি কোৱা হয়।

ক্ৰিকেটৰ পিছত, এইবাৰ ধোনীৰ কোম্পানীয়ে সেই সম্পৰ্কক অধিক দৃঢ় কৰিবলৈ তামিল চলচ্চিত্ৰ নিৰ্মাণ কৰাৰ সিদ্ধান্ত লৈছে। ধোনী এণ্টাৰটেইনমেণ্টে তামিলভাষাত ইয়াৰ প্ৰথমখন চলচ্চিত্ৰ প্ৰযোজনা কৰিব। চিনেমাখন পৰিচালনা কৰিব দাক্ষিণাত্যৰ জনপ্ৰিয় পৰিচালক  Ramesh Thamilmaniএ। ছবিখনত পিছে কোনে কোনে অভিনয় কৰিব সেয়া এতিয়াও চূড়ান্ত হোৱা নাই। অতি সোনকালেই নাম ঘোষণা কৰা হ’ব বুলি পৰিচালকে উল্লেখ কৰিছে।

আনহাতে,চিনেমাখনৰ চিত্ৰনাট্য মহেন্দ্ৰ সিং ধোনীৰ পত্নী সাক্ষী ধোনীৰ।

ধোনী কেৱল তামিলত আবদ্ধ হৈ থাকিবলৈ সাজু নহয়। তামিলৰ উপৰিও, ধোনী এণ্টাৰটেইনমেণ্টে বিজ্ঞান কল্পকাহিনী, অপৰাধ মূলক, কমেডি, চাচপেন্স থ্ৰিলাৰ আৰু বহুতো শৈলীত ৰোমাঞ্চকৰ আৰু অৰ্থপূৰ্ণ সমল সৃষ্টি আৰু প্ৰস্তুত কৰাৰ বাবে একাধিক চলচ্চিত্ৰ নিৰ্মাতা আৰু চিত্ৰনাট্য লেখকৰ সৈতে আলোচনা কৰি আছে বুলিও জানিব পৰা গৈছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply