নিউজ ডেস্কঃ জনপ্ৰিয় কন্ঠশিল্পী নেহা কাক্কৰ আৰু ৰোহনপ্ৰীত সিং বলীউডৰ এক ৰূমান্তিক যুঁটী। দুয়ো সোমবাৰে তেওঁলোকৰ প্ৰথম বিবাহবাৰ্ষিকী উদযাপন কৰিবলৈ উদয়পুৰত উপস্থিত হয়। নেহা আৰু ৰোহনপ্ৰীতৰ প্ৰেমকাহিনী এখন চলচ্চিত্ৰৰ কাহিনীতকৈ কম নহয়। তেওঁলোক দুয়ো বলীউডৰ আটাইতকৈ জনপ্ৰিয় দম্পতিৰ তালিকাত অন্তৰ্ভুক্ত।
কন্ঠশিল্পী গৰাকীয়ে দুয়োৰে সমধুৰ মূহুৰ্ত্তৰ কেইবাখনো ফটো ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰে আৰু কেপচনত লিখে-”আৰু এইধৰণেৰে আমাৰ প্ৰথম বিবাহ বাৰ্ষিকী উদযাপন কৰা হ’ল। আমাক বিশেষ অনুভৱ কৰা প্ৰত্যেকজনকে ধন্যবাদ। আপোনালোকৰ আশীৰ্বাদ, পোষ্ট,ফোন কল আৰু মেছেজে আমাক সঁচাকৈয়ে সুখী কৰি তুলিছে।”

ফটোবোৰত নেহা আৰু ৰোহনপ্ৰীতে পিচোলা হ্ৰদৰ মাজত এখন বিশেষ নাওত বাৰ্ষিকী উদযাপন কৰা দেখা গৈছে। নেহাই এটা গুলপীয়া ৰঙৰ চেলৱাৰ পোছাক পিন্ধি আছে আৰু ৰোহনপ্ৰীতে পিন্ধিছে এযোৰ নীলা ৰঙৰ পোছাক ।

নেহা আৰু ৰোহনপ্ৰীতে ২০২০ চনৰ ২৪ অক্টোবৰত বিবাহপাশত আৱদ্ধ হৈছিল। শিল্পীগৰাকীয়ে তেওঁলোকৰ ফটো ছচিয়েল মিডিয়াত শ্বেয়াৰ কৰাৰ লগে লগে ভাইৰেল হৈ পৰে। অনুৰাগী সকলে নেহাৰ এই প’ষ্টটোত কমেন্ট কৰি দুয়োকে বিবাহবাৰ্ষিকীৰ শুভেচ্ছা জ্ঞাপন কৰিছে।
লগতে পঢ়কঃছুপাৰষ্টাৰ ৰজনীকান্তলৈ ভাৰতীয় চলচ্চিত্ৰৰ সৰ্বোচ্চ সন্মান দাদাচাহেব ফাল্কে বঁটা