নিউজ ডেস্কঃ এই বৰ্ষত বলীউডত অভিষেক ঘটিব বহুকেইগৰাকী নতুন অভিনেতা-অভিনেত্ৰীৰ। হিন্দী চলচ্চিত্ৰ জগতৰ কেইবাগৰাকীয়ো জনপ্ৰিয় অভিনেতা-অভিনেত্ৰীৰ সন্তানে খোজ পেলাব চলচ্চিত্ৰ জগতত।

অভিনেতা অনিল কাপুৰৰ ভতিজী তথা অভিনেতা সঞ্জয় কাপুৰৰ জীয়ৰী ছানায়া কাপুৰে কৰণ জোহৰৰ ”দৌনো মিলে ইছ তৰহ” নামৰ চলচ্চিত্ৰখনৰ জৰিয়তে এই বছৰ বলীউডত খোজ পেলাব।

ছানায়া কাপুৰ

বলীউডৰ ছবি পৰিচালিকা জয়া আখটাৰৰ ”দ্য় আৰ্চিচ” নামৰ চলচ্চিত্ৰখনত একেলগে ৩গৰাকী নৱাগত অভিনেতা-অভিনেত্ৰীয়ে পদাৰ্পণ কৰিব।

বনী কাপুৰ-শ্ৰীদেৱীৰ তনয়া খুচী কাপুৰকো দেখা যাব এই চলচ্চিত্ৰখনত। ইতিমধ্যে তেওঁলোকৰ জেষ্ঠ্য কন্য়া জাহ্নৱী কাপুৰে ”ধড়ক” চলচ্চিত্ৰৰ জৰিয়তে ছবিজগতত ভুমুকি মাৰিছে।

খুচী কাপুৰ

এই চিনেমা খনত বলীউড বাদশ্বাহ শ্বাহৰুখ খান-গৌৰী খানৰ তনয়া ছোহানা খানকো এটা বিশেষ চৰিত্ৰত দেখা পোৱা যাব।

ছোহানা খান

অমিতাভ বচ্চন-জয়া বচ্চনৰ নাতি আগস্তি নন্দাকো এই চিনেমাখনত দেখা পোৱা যাব। আগস্তি নন্দা অমিতাভ-জয়াৰ জীয়ৰী স্বেতা বচ্চন নন্দাৰ পুত্ৰ।

আগস্তি নন্দা

আনহাতে,২০১৭ চনত ”মিছ ৱৰ্ল্ড” খিতাপ অৰ্জন কৰা মানুসী চিল্লাৰক ”পৃথ্বীৰাজ” নামৰ চিনেমাখনত দেখা পোৱা যাব। মানুসীৰ বিপৰীতে চিনেমাখনত অভিনয় কৰিছে অক্ষয় কুমাৰে। এই বৰ্ষৰ ২১জানুৱাৰীত এই চিনেমাখনে মুক্তিলাভ কৰিব।

মানুসী চিল্লাৰ

টি-ছিৰিজৰ স্বত্বাধিকাৰী প্ৰয়াত গুলছন কুমাৰৰ জীয়ৰী তথা প্ৰযোজক ভূষণ কুমাৰ-কন্ঠশিল্পী তুলসী কুমাৰৰ ভগ্নী খুছালী কুমাৰকো দেখা যাব বলীউডৰ দুখনকৈ আপকামিং চিনেমা ”ডেৰ বিঘা জমীন” আৰু ”ধৌকা ৰাউণ্ড দ্য় কৰ্ণাৰ”।

খুছালী কুমাৰ

ইফালে জনপ্ৰিয় অভিনেতা মিঠুন চক্ৰৱৰ্তীৰ পুত্ৰ নমাছি চক্ৰৱৰ্তীক দেখা যাব ”বেড বয়” নামৰ এখন চলচ্চিত্ৰত।

নমাছি চক্ৰৱৰ্তী

সৰু পৰ্দাৰ জনপ্ৰিয় অভিনেত্ৰী শ্বেতা তিৱাৰীৰ জীয়ৰী পলক তিৱাৰীয়ো এইবাৰ খোজ পেলাব বলীউডত। ”ৰৌজী দ্য় ছেফ্ৰন চেপ্টাৰ ” নামৰ চিনেমাখনত অভিনয় কৰিছে পলকে।

পলক তিৱাৰী

পলকৰ লগতে এই চিনেমাখনত বিবেক অবেৰয়, মল্লিকা শ্বেৰাৱটকো দেখা যাব।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,060 other subscribers

Leave a comment

Leave a Reply