গুৱাহাটী – প্ৰয়াত অভিনেতা কিশোৰ দাস অভিনীত অন্তিমখন ছবি – অমিতাভ – এ মুক্তি লাভ কৰে শুক্ৰবাৰে। সম্পূর্ণ গ্ৰামীণ পৰিৱেশত নিৰ্মাণ কৰা এই চিনেমাখন মুখ্যত এজন শিক্ষক আৰু গাৱঁৰ মাজত চলি অহা জলন্ত সমস্যাসমূহৰ আধাৰত নিৰ্মাণ কৰা হৈছে। বহু বছৰৰ পিছত পুনৰ ডাঙৰ পৰ্দালৈ উভতি আহিছে জনপ্ৰিয় অভিনেতা অতুল পাচনি।

YouTube video
ছবিখনৰ ট্ৰেইলাৰ

দিৱস দৰ্শনৰ কাহিনী, পৰিচালনা আৰু চিত্ৰনাট্যৰে আৰু অনুভূতি কলাকেন্দ্ৰৰ বেনাৰত নিৰ্মাণ কৰা হৈছে এই ছবিখন।

আনহাতে ছবিখনৰ দৃশ্যগ্ৰহণ সমূহ দক্ষিণ কামৰূপৰ পলাশবাৰী , কুকুৰমাৰা , ৰঙামাটি , ৰাণী , চানডুবিকে ধৰি অসম-মেঘালয় সীমান্তৰ কেতবোৰ মনমোহা প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ স্থানত লোৱা হৈছে। ছবিখনৰ সংগীত পৰিচালনা কুশল মিৰ্জাৰ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,006 other subscribers

Leave a comment

Leave a Reply