নুছৰত জাহান

অবশেহত মাতৃত্বৰ গৌৰৱ অৰ্জন কৰিলে জনপ্ৰিয় অভিনেত্ৰী তথা তৃণমূল কংগ্ৰেছৰ সাংসদ নুছৰত জাহানে। বৃহস্পতিবাৰে কলিকতাৰ পাৰ্কষ্ট্ৰিটৰ ব্যক্তিগত খন্ডৰ ভাগীৰথি নিওটিয়া হাস্পতালত ।

নুছৰত জাহান

এটি পুত্ৰ সন্তান জন্ম দিয়ে মোহময়ী অভিনেত্ৰীগৰাকীয়ে।


বৰ্তমান মাতৃ আৰু সন্তান দুয়ো সুস্থিৰ অৱস্থাত আছে বুলি জানিব পৰা গৈছে।


বুধবাৰে নিশাৰ পৰাই নুছৰত কাষত আছিল প্ৰেমিক অভিনেতা য়শ দাসগুপ্তা।

নুছৰত জাহান

নিখিল জৈন নামৰ ব্যবসায়ীৰ সৈতে ২০১৯ চনত বিবাহ পাশত আবদ্ধ হৈ চৰ্চালৈ অহা নুছৰতে হঠাৎ নিখিলৰ সৈতে তেওৰ কোনো সম্পৰ্ক নাই আৰু তেওলোকৰ বিয়াৰ ভাৰতত মান্যতা নাই বুলি মন্তব্য কৰিছিল ।

কিন্তু তৃণমূলৰ সুন্দৰী সাংসদগৰাকীৰ কাষত বিগত সময়ছোৱাত নাছিল স্বামী নিখিল জৈন। আচলতে নুছৰত অন্তঃসত্বা হোৱাৰ কিছু দিনৰ পাছৰে পৰা নিখিলৰ সৈতে বাঢ়িছিল দূৰত্ব।

গৰ্ভস্থ সন্তানটি কাৰ- এই বিষয়ে নিখিলৰ নাম পোনপটীয়াকৈ ল’বলৈ নুছৰতে অস্বীকাৰ কৰাৰ পাছৰে পৰা দুয়োজনৰ মাজত বাঢ়িছিল দূৰত্ব।

সুখৰ দিনত নিখিলৰ সৈতে নুছৰত


প্ৰাক্তণ স্বামী নিখিল জৈনে নুছৰতক মাতৃ হোৱাৰ শুভেচ্ছা জ্ঞাপন কৰিছে ।

বহুজনে ক’ব বিচাৰে যে নিখিলৰ পৰিৱৰ্তে নুছৰত সন্তানটিৰ প্ৰকৃত পিতৃ যশ দাসগুপ্তহে।

বিতৰ্কৰ প্ৰতি বিশেষ গুৰুত্ব নিদি নুছৰতে কয়, “মাতৃত্ব এক আশীৰ্বাদ আৰু এই আশিসৰ মই সুখানুভূতি ল’ব বিচাৰোঁ।”

তৃণমুল কংগ্ৰেছৰ হৈ লোকসভা নিৰ্বাচনত বছিৰহাট সমষ্টিৰ পৰা নিৰ্বাচিত হৈছিল ।

লগতে পঢ়ক যৌন নিৰ্যাতন চলোৱা NRL বিষয়াক নিলম্বন

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,060 other subscribers

Leave a comment

Leave a Reply