নিউজ ডেস্কঃ দাক্ষিণাত্যৰ অভিনেতা Suriya Sivakumar বৰ্তমানৰ এগৰাকী সফল অভিনেতা।শুকুৰবাৰে ঘোষণা কৰা ৬৮সংখ্যাক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাত শ্ৰেষ্ঠ অভিনেতাৰ সন্মান লাভ কৰিলে দক্ষিণ ভাৰতৰ এই গৰাকী অভিনেতাই।অভিনেতাগৰাকীয়ে ২০২০চনত মুক্তিলাভ কৰা তামিল ভাষাৰ চিনেমা ‘Soorarai Pottru’ কৰা অভিনয়ৰ বাবে লাভ কৰিছে শ্ৰেষ্ঠ অভিনেতাৰ সন্মান। আজি অভিনেতাগৰাকীৰ জন্মদিন। জন্মদিনৰ এদিন পূৰ্বে পালে অভিনেতাগৰাকীয়ে পালে জীৱনৰ অন্যতম ডাঙৰ স্বীকৃতি। এই সন্মান লাভ কৰি খুবেই আনন্দিত হৈ পৰিছে অভিনেতাগৰাকী।
অভিনেতাগৰাকীৰ শেহতীয়াকৈ মুক্তি লাভ কৰা ‘জয় ভীম’ নামৰ চলচ্চিত্ৰখনে বিশেষ চৰ্চা লাভ কৰিছে। ‘জয় ভীম’ চিনেমাখন মুক্তিৰ পিছত অভিনেতাগৰাকীক প্ৰাণে মৰাৰ ভাবুকিয়ো দিয়া হৈছিল। ভান্নিয়াৰ সম্প্ৰদায় লোক সকলে অভিনেতাজনৰ ওপৰত গোচৰো তৰিছিল। এই বিবাদে চৰম সীমা চুইছিল যাৰ ফলত অভিনেতাজনে নিৰাপত্তাৰক্ষী নিয়োজিত কৰিবলগীয়া গৈছিল।
ছুপাৰষ্টাৰ Suriya Sivakumar এ গজনী, ৭ এএম, ৰিবাৰ দৰে কেইবাখনো জনপ্ৰিয় চিনেমাত অভিনয় কৰিছে। এই চলচ্চিত্ৰকেইখনত অভিনেতাগৰাকীয়ে বেলেগ বেলেগ চৰিত্ৰ ৰূপায়ন কৰিছিল যি নেকি দৰ্শকে খুবেই পচন্দ কৰিছিল। ৯০খনতকৈ অধিক চিনেমাত অভিনয় কৰিছে অভিনেতাগৰাকীয়ে। Suriya Sivakumar এগৰাকী অভিনেতাই নহয় তেওঁ টেলিভিছনৰ এজন জনপ্ৰিয় এংকৰৰ লগতে পৰিচালক আৰু নিৰ্দেশকো। অভিনেতাগৰাকীৰ জন্ম ২৩জুলাই ১৯৭৫ত চেন্নাইত হৈছিল। দশম শ্ৰেণীত পঢ়ি থকা অৱস্থাতে অভিনেতাগৰাকীয়ে চিনেমাত কাম কৰাৰ সুযোগ লাভ কৰিছিল। কিন্তু সেই সময়ত তেওঁ অধ্যয়নৰ বাবে ফিল্ম ইণ্ডাষ্টীত ভৰি থোৱা নাছিল। তেওঁ তিনি বছৰ কাপোৰৰ ফেক্টৰীতো কাম কৰিছিল।
Suriya Sivakumar এ মণিৰত্নমৰ ‘নেৰক্কু’ নামৰ চিনেমাখনেৰে ১৯৯৭চনত অভিনয়ৰ কেৰিয়াৰ আৰম্ভ কৰিছিল। ২০০৫চনত মুক্তিলাভ কৰা ‘গজনী’ নামৰ চিনেমাখন তামিল ভাষাৰ সৰ্বাধিক উপাৰ্জন কৰা চলচ্চিত্ৰ আছিল। এই চলচ্চিত্ৰখনৰ হিন্দী সংস্কৰণটো আমিৰ খানে নিৰ্মাণ কৰিছিল।