গুৱাহাটীঃ অসমলৈ গৌৰৱ কঢ়িয়াই অনা মহৰ্ষি তুহিন কাশ্যপৰ চুটি ছবি ‘মোৰ ঘোঁৰাৰ দূৰন্ত গতি’ (The Horse from Heaven) এইবাৰ একাডেমী এৱাৰ্ডছ অৰ্থাৎ Oscarত ভাৰতক প্ৰতিনিধিত্ব কৰিবলৈ নিৰ্বাচিত হৈছে।
অলপতে অনুষ্ঠিত হৈ যোৱা বাংগালুৰু আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ ভাৰতীয় প্রতিযোগিতাত শ্ৰেষ্ঠ ছবিৰ সন্মান লাভ কৰাৰ লগে লগে ই অস্কাৰৰ বাবে যাবলৈ যোগ্যতা অর্জন কৰে। উল্লেখ্য যে যিকোনো চুটি ছবি অস্কাৰৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ প্ৰথমে একাডেমিয়ে নিজে বাছনি কৰা চলচ্চিত্ৰ মহোৎসৱৰ শ্রেষ্ঠ ছবি ৰূপে পৰিগণিত হোৱাটো বাধ্যতামূলক। মহৰ্ষি তুহিন কাশ্যপৰ ছবিখনেই হৈছে প্ৰথম অসমীয়া চুটি ছবি যিয়ে অস্কাৰৰ প্ৰতিযোগিতাত ভাৰতক প্ৰতিনিধিত্ব কৰিবলৈ সুযোগ লাভ কৰিছে।

ছবিখনৰ কাহিনী মূলতঃ এজন ওজাপালি কৰি ফুৰা পালিৰ। যি নিজৰ ঘোঁৰাটোক পৃথিৱীৰ সৰ্বত্ৰ বেগী ঘোঁৰা বুলি ভাবি ঘোঁৰা দৌৰ প্ৰতিযোগিতাত দৌৰাবলৈ তাক চহৰলৈ লৈ গৈ থাকে। পিছে তেওঁৰ ঘোঁৰাটো আচলতে ঘোঁৰা নহয়, এটা গাধহে। এই ছবিখনত অসমৰ থলুৱা কৃষ্টি ওজাপালিৰ ব্যৱহাৰেৰে ছবিখনৰ কাহিনীভাগ আগবাঢ়ে।

এই ছবিখনৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছে অসমৰ জ্যেষ্ঠ অভিনেতা অতুল পাচনিয়ে। লগতে ছবিখনত অভিনয় কৰিছে স্নেহাংকৰ চক্ৰৱৰ্তী, অভিজিত নাগ, গৌৰৱ হালৈ, আশীষ চেটাৰ্জী, সনাতন কৰ্মকাৰ আদিয়ে। ছবিখনৰ কাৰিকৰী বিভাগ সমূহত কাম কৰা সকল Satyajit Ray Film and Television Institute ৰ ছাত্ৰ-ছাত্ৰী। মহৰ্ষি তুহিন কাশ্যপো তাৰে এগৰাকী ছাত্ৰ।

উক্ত প্ৰতিষ্ঠানটিৰ পাঠ্যক্ৰমৰ অন্তৰাধীন হিচাপে ‘মোৰ ঘোঁৰাৰ দুৰন্ত গতি’ ছবিখন নিৰ্মাণ কৰা হৈছিল। চিত্ৰনাট্য আৰু পৰিচালনা মহৰ্ষি কাশ্যপৰ লগতে ছবিখনৰ বিভিন্ন মূল দিশ সমূহত কাম কৰিছে প্ৰযোজক নীলাঞ্জনা ৰুদ্ৰা, দৃশ্য-গ্ৰহণ অৰ্ণব লাহা, শব্দ বিভাগ অৰ্ণব বৰা আৰু সোমনাথ গগৈ, সম্পাদক পুলকিত ফিলিপ, দৃশ্য সজ্জা বিপীন ৰহিল্লা আদিয়ে। ছবিখনৰ নেপথ্যত ওজাপালি গাইছে ওজা নয়ন জ্যোতি নাথ আৰু পালি নগেন ডেকা, ভলাৰাম নাথ, ৰূপজ্যোতি চৌধুৰী আৰু দ্বীপ জ্যোতি নাথে। ছবিখনত বিশাল শৰ্মা, তন্ময় সাউদ, সুনালিকা দাস আদিয়ে সহকাৰী পৰিচালক হিচাপে কাম কৰিছে।

কলকাতা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ, জয়পুৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ, হিমালয়ান চলচ্চিত্ৰ মহোৎসৱকে ধৰি আন কেইবাখনো চলচ্চিত্ৰ মহোৎসৱত ছবিখন প্ৰদৰ্শিত হৈ কেইবাটাও বঁটা লাভ কৰিবলৈ সক্ষম হৈছে। মেক্সিকোত থকা চিনেতেকা ৰাষ্ট্ৰীয় সংগ্ৰহালয়ত এই ছবিখনৰ এক বিশেষ দৰ্শনী অনুষ্ঠিত হৈছিল।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,993 other subscribers

Leave a comment

Leave a Reply