৯৪ সংখ্যক অস্কাৰত সৰ্বশ্ৰেষ্ঠ ছবিৰ সন্মান লাভ কৰিছে ক’ডা (CODA)। ছবিখনে তিনিটা শাখাত নমিনেছন লাভ কৰি তিনিওটা শাখাতে জয়ী হয়।

শ্ৰেষ্ঠ অভিনেত্ৰীৰ সন্মান লাভ কৰিছে জেচিকা চাছটেইনে। তেও দ্য আইজ অৱ টম্মী ফায়ে ছবিৰ বাবে এই সন্মান লাভ কৰে। আনহাতে শ্ৰেষ্ঠ অভিনেতাৰ সন্মান লাভ কৰে উইল স্মিথে । তেও কিং ৰিচাৰ্ডৰ বাবে এই সন্মান অৰ্জন কৰে। জেন চেম্পিয়নলৈ দ্য পাৱাৰ অব দ্য ডগ ছবিৰ বাবে শ্ৰেষ্ঠ পৰিচালকৰ অস্কাৰ আগবঢ়োৱা হয়।

আনহাতে ডুনে ছবিয়ে এইবাৰ ছটা অস্কাৰ লাভ কৰিবলৈ সক্ষম হয়।
৯৪ সংখ্যক অস্কাৰৰ বঁটা বিতৰণি অনুষ্ঠানত লতা মংগেশকাৰ আৰু কিংবদন্তী অভিনেতা দিলীপ কুমাৰক স্মৰণ কৰা ন’হল একাডেমী এৱাৰ্ডছৰ পুৰস্কাৰ বিতৰণৰ ‘ইন মেমৰিয়াম’ শাখাত অন্তৰ্ভুক্ত নহ’ল এই দুই যশস্বী শিল্পী ৷ অস্কাৰৰ আয়োজকসকলৰ এই কাৰ্যই ক্ষোভিত কৰি তুলিছে ভাৰতীয় অনুৰাগীসকলক।

আমেৰিকা যুক্তৰাষ্ট্ৰৰ কেলিফৰ্ণিয়াৰ লছ এঞ্জেলছৰ ডলবি থিয়েটাৰত অনুষ্ঠিত হোৱা অস্কাৰ বঁটা প্ৰদান অনুষ্ঠানত শ্ৰেষ্ঠ অভিনেতাৰ সন্মান লাভ কৰা উইল স্মিথে বঁটা প্ৰদান অনুষ্ঠানৰ আয়োজক ক্ৰিছ ৰকক চৰ মৰা ঘটনটোক লৈ এতিয়া বিশ্বতে চৰ্চিত হৈছে। ৰকে উইল স্মিথৰ পত্নীৰ চুলিক লৈ ধেমালি কৰাত এই ঘটনা সংঘটিত হয়।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,841 other subscribers

Leave a comment

Leave a Reply Cancel reply