শ্বাহৰুখ খান অভিনীত বহু চৰ্চিত ছবি ‘পাঠান’ক চেন্ট্ৰেল বৰ্ড ফৰ ফিল্ম চাৰ্টিফিকেশ্য়ন চমুকৈ চি বি এফ চিয়ে অৱশেষত প্ৰদান কৰে ইউ এ প্ৰমাণপত্ৰ। চি বি এফ চিৰ পমাৰ্শ অনুসৰি বিশেষ কেইটামান দৃশ্য় ‘কাট’ কৰাৰ পিছত ছবিখনক ইউ এ প্ৰমাণপত্ৰ প্ৰদান কৰা হয়।

ছবিখনৰ পৰা বাদ পৰা দৃশ্য়সমূহৰ ভিতৰত আছে মূল অভিনেত্ৰী দিপীকা পাডুকনৰ কেইটিমান ক্লজ আপ শ্বটৰ আৰু ছবিখনৰ কিছুসংখ্য়ক শব্দ।

উল্লেখযোগ্য় যে, ‘পাঠান’ৰ ট্ৰেইলাৰ আৰু ‘বেচৰম ৰং’ শীৰ্ষক গানটো অনলাইনত মুকলি হোৱাৰ পিছৰে পৰা ছবিখন একাংশ উগ্ৰ হিন্দুত্ববাদী সংগঠন তথা ব্য়ক্তি বিশেষৰ ৰোষত পৰা দেখিবলৈ পোৱা গৈছে। অলপতে গুজৰাটৰ আহমেদাবাদৰ এটা মলত বজৰং দলে পাঠানৰ বিৰোধিতা কৰি এক হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি কৰে।

সেই অনুসৰি ছবিখনৰ ‘বেচৰম ৰং’ গানটোত থকা তিনিটা ‘বোল্ড’ দৃশ্য় আঁতৰাই দিয়া হৈছে। ইয়াৰ উপৰি ছবিখনত ব্য়ৱহাৰ কৰা বিভিন্ন শব্দ বাদ দিয়া বা সলনি কৰা হৈছে, যেনে RAW-ৰ সলনি কৰি ‘হামাৰে’ কৰা হৈছে, ‘লাংড়ে লুলে’ সলাই ‘টুটা ফুটা’ কৰা হৈছে। ইয়াৰ উপৰি ‘শ্ৰীমতী ভাৰতমাতা’, ‘অশোক চক্ৰ’, আৰু ‘স্কচ’ৰ সলনি ত্ৰমে ‘হামাৰি ভাৰতমাতা’, ‘বীৰ পুৰস্কাৰ’, ‘ড্ৰিংক’ আদি কৰা হৈছে। 

অৱশ্যে অহা ২৫ জানুৱাৰীত মুক্তি পাব লগীয়া ছবিখনত দিপীকা পাডুকনে পৰিধান কৰা গেৰুৱা পোছাকজোৰ দেখা যাব নে নাযায় সেইয়া জানিব পৰা হোৱা নাই। উল্লেযোগ্য় যে ৪ বছৰৰ বিৰতি পাছত শ্বাহৰুখ খানৰ অভিনীত চিনেমা ছবিগৃহলৈ আহিছে যদিও বিতৰ্কৰ মাজত সোমাই পৰা ‘পাঠান’-এ দৰ্শকৰ কেনে সঁহাৰি লাভ কৰে সেইয়া চাবলগীয়া হ’ব। 

লগতে পঢ়ক – সদৌ অসম ষ্টেট জুনিয়ৰ ৰেংকিং টেনিছ প্ৰতিযোগিতা

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply