নিউজ ডেস্কঃ পুনম পাণ্ডে বিভিন্ন কাৰণত সংবাদ মাধ্যমৰ এগৰাকী চৰ্চিত অভিনেত্ৰী তথা মডেল। কেতিয়াবা যদি নগ্ন ফটো শ্বেয়াৰ কৰি চৰ্চিত হৈছে কেতিয়াবা আকৌ নিজৰ বাথৰুমৰ ভিডিঅ’ শ্বেয়াৰ কৰি ভাইৰেল হৈছে । কেতিয়াবা আকৌ ভাইৰেল হৈছে ভগৱান বিষ্ণুৰ শৰীৰত শচীন টেণ্ডুলকাৰৰ ফটো লগাই কাষতে নগ্ন হৈ প’জ দিয়া পুনমৰ ফটো।

কিন্তু এইবাৰ ঘৰুৱা হিংসাৰ বলী হৈ চৰ্চিত হৈছে পুনম। পুনমে নিজৰ স্বামী ছেম ব’ম্বেৰ বিৰুদ্ধে মাৰপিটৰ অভিযোগ উত্থাপন কৰিছে। বান্দ্ৰা আৰক্ষী চকীত নিজৰ স্বামীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছিল অভিনেত্ৰীগৰাকীয়ে। সেই গোচৰৰ ভিত্তিত সোমবাৰে ছেমক গ্ৰেপ্তাৰ কৰে মুম্বাই আৰক্ষীয়ে।

স্বামীৰ প্ৰহাৰত পুনমে মুখ,চকু আৰু মূৰত গুৰুত্বৰভাৱে আঘাতপ্ৰাপ্ত হয়। আহত পুনমক মুম্বাইৰ এখন চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।

ইয়াৰ পূৰ্বেও পুনমে ২০২০ চনৰ ছেপ্তেম্বৰ মাহত ছেমৰ বিৰুদ্ধে এটা অভিযোগ দাখিল কৰিছিল।

দীৰ্ঘদিন ধৰি পুনম আৰু ছেম লিভ ইন টুগেদাৰ ৰিলেশ্বনশ্বিপত থকাৰ পিছত ছেপ্তেম্বৰ মাহৰ আৰম্ভণিতে দুয়ো বিবাহপাশত আৱদ্ধ হৈছিল।

মধুচন্দ্রিকাৰ বাবে তেওঁলোকে গোৱালৈ গৈছিল। পুনমে কৈছিল যে গোৱাত তেওঁৰ স্বামীয়ে তেওঁক প্ৰহাৰ কৰিছিল । ছেমক আৰক্ষীয়ে জিম্মাত লৈছিল যদিও এদিনৰ পিছতেই চৰ্তাৱলী অনুসৰি জামিন লাভ কৰিছিল।

উল্লেখ্য যে, ২০১১ চনৰ ক্ৰিকেট বিশ্বকাপৰ সময়ত অভিনেত্ৰী পুনম বিবাদৰ সন্মুখীন হৈছিল। বিশ্বকাপত টীম ইণ্ডিয়া জয়ী হ’লে তেওঁ নগ্ন হোৱাৰ মন্তব্যই সামাজিক মাধ্যমত এক আলোড়নৰ সৃষ্টি কৰিছিল। আনকি পুনমে এই সন্দৰ্ভত বিচিচিআইলৈ এখন পত্ৰয়ো লিখিছিল। বিচিচিআইয়ে পুনমক তেনে কৰিবলৈ অনুমতি দিয়া নাছিল।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,013 other subscribers

Leave a comment

Leave a Reply