নিউজ ডেস্কঃ আজিৰে পৰা আৰম্ভ হৈছে নৱৰাত্ৰি। নৱৰাত্ৰিতে নতুন বলীউডৰ ৰামায়ণৰ কাহিনীৰ ভিত্তিত নিৰ্মাণ হোৱা ‘আদিপুৰুষ’ নামৰ চিনেমাখনৰ টীজাৰ মুকলি কৰাৰ সিদ্ধান্ত লৈছে চিনেমাখনৰ প্ৰযোজক-পৰিচালকে। ‘আদিপুৰুষ’ নামৰ এই চিনেমাখন হিন্দী আৰু তেলেগু দুয়োটা ভাষাতে নিৰ্মাণ হ’ব।
ঔম ৰাউতৰ দ্বাৰা পৰিচালিত ‘আদিপুৰুষ’ নামৰ চিনেমাখনৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছে প্ৰভাস, কৃতি চানন আৰু চেঈফ আলী খানে।২ অক্টোবৰত এই বহু প্ৰতীক্ষিত চিনেমাখনৰ প্ৰথম টিজাৰ মুকলি কৰাৰ পৰিকল্পনা কৰিছে। ৰামজন্মভূমি অযোধ্যতেই মুকলি কৰা হ’ব চিনেমাখনৰ টীজাৰ। ৰামজন্মভূমিৰ পৰাই ‘আদিপুৰুষ’ৰ প্ৰথম প্ৰচাৰ আৰম্ভ কৰাৰ সিদ্ধান্ত লোৱা হৈছে। এই চলচ্চিত্ৰখন ২০২৩ চনৰ জানুৱাৰীত মুক্তি লাভ কৰিব।
যদিও প্ৰভাসে চিনেমাখনত ভগৱান ৰামৰ চৰিত্ৰত অভিনয় কৰিছে, চেইফ আলী খানে সম্পূৰ্ণ এটা বিপৰীত চৰিত্ৰত ৰাৱণৰ চৰিত্ৰত অভিনয় কৰিছে। পৰিচালক ওম ৰাউতে কয় যে, ” চিনেমাখনৰ কাম চলি আছে। আৰু বহুটো কাম বাকী আছে। এই চিনেমাখনত চৈঈফ আৰু প্ৰভাসৰ শাৰীৰিক পৰিৱৰ্তন কৰা হৈছে।
চৈফ আৰু প্ৰভাসে এক অসাধাৰণ শাৰীৰিক পৰিৱৰ্তনৰ মাজেৰে গৈছে আৰু ইয়াত বহুতো কাৰ্য জড়িত আছে। শিল্পীৰ দৃষ্টিকোণৰ পৰা প্ৰভাসৰ যথেষ্ট শাৰীৰিক পৰিৱৰ্তন ঘটিছে আৰু দৃশ্যগ্ৰহণ কৰি থকাৰ মাজতে প্ৰভাসে কঠোৰ শাৰীৰিক অনুশীলনো চলাই গৈছিল। চৈঈফেয়ো চিনেমাখনৰ বাবে যথেষ্ট কষ্ট কৰিছে। “