নিউজ ডেস্কঃ বলীউডত কেইবাগৰাকীয়ো অসম সন্তানে খোজ পেলাইছে। এইবাৰ বলীউডলৈ আগমণ জনপ্ৰিয় কন্ঠশিল্পী প্ৰিয়ংকা ভৰালীৰ।
বলিউদৰ এখন বিগ বাজেটৰ ছবি ‘KGF CHAPTER 2’।’KGF CHAPTER 2’ ছবিৰ এটি গীতত কন্ঠ নিগৰালে প্ৰিয়ংকাই।
’ছবি খনৰ তুফান নামৰ শীৰ্ষক গীতটিত কন্ঠদান কৰিছে প্ৰিয়ংকাই।ইতিমধ্যে গীতটিৰ লিৰিকেল ভিডিঅ’ মুকলি কৰিছে।ছটবিখনৰ ট্ৰেইলাৰ ২৭ মাৰ্চত মুক্তি দিয়া হ’ব আৰু ছবি খনে ১৪ এপিলত শুভমুক্তি লাভ কৰিব।ছবিখনৰ ট্ৰেইলাৰ অহা ২৭ মাৰ্চত মুকলি কৰা হ’ব। ১০০ কোটি টকাৰ বাজেটৰ ছবিখনত অভিনয় কৰিছে য়শ, সঞ্জয় দত্ত, শ্ৰীনিধি শেট্টী, ৰবীনা টেণ্ডন, প্ৰকাশ ৰাজ আদিৰ দৰে তাৰকাই।গীতটিত কণ্ঠ নিগৰাই প্ৰিয়ংকাই ধন্যবাদ জনালে সংগীত পৰিচালক আৰু ছবি নিৰ্মাতা সকলক।