নিউজ ডেস্ক: পথ দুর্ঘটনাই প্ৰাণ ল’লে জনপ্ৰিয় সংগীত শিল্পী দিলজানৰ । পাঞ্জাবী সংগীতৰ অন্যতম জনপ্ৰিয় শিল্পী গৰাকী পঞ্জাৱৰ অমৃতসৰ-জলন্ধৰ গ্ৰেণ্ড ট্ৰাংক ৰোডত হোৱা এক পথ দূৰ্ঘটনাত মৃত্যু হয় । দেওবাৰে অমৃতসৰৰ পৰা কৰতাৰপুৰলৈ যোৱাৰ সময়ত জিন্দিয়ালাৰ ব্যস্ত এলেকাত দুর্ঘটনাত প্রাণ হেৰুৱায় জনপ্রিয় পাঞ্জাৱী গায়ক ৩১ বছৰীয়া দিলজানে । সেইদিনা পুৱতি নিশা ঘৰলৈ ঘুৰাৰ সময়ত ২.৩০ বজাত এই মৰ্মান্তিক দুৰ্ঘটনাটো সংঘটিত হয়। স্থানীয় বাসিন্দাই জনোৱা মতে দিলজানৰ গাড়ীয়ে পথৰ দাঁতিত ৰখাই থোৱা এখন ট্ৰাকত সজোৰে খুন্দা মাৰে। মূহুৰ্ততে গাড়ীৰ সন্মুখভাগ চূৰ্ণ–বিচূৰ্ণ হৈ পৰে। দূৰ্ঘটনাৰ পিছত গাড়ীৰ ভিতৰতে চেপা খাই পৰে দিলজান।


প্রত্যক্ষদর্শীয়ে জনোৱা মতে দূর্ঘটনাৰ পিছতেই গেছকাটাৰেৰে গাড়ীৰ সন্মুখৰ অংশ কাটি দিলজানক বাহিৰলৈ উলিয়াব লগীয়া হয়। ততাতৈয়াকৈ তেওঁক নিয়া হয় স্থানীয় এখন নাৰ্চিং হোমত। তাতেই চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে। প্ৰত্যক্ষ দৰ্শীৰ মতে অত্যধিক গতিত আছিল দিলজানৰ গাড়ী ।কৰতাৰপুৰৰ বাসিন্দা দিলজানৰ পত্নী আৰু সন্তান বৰ্তমান কানাডাত আছে।মুখ্যমন্ত্ৰী অমৰিন্দৰ সিঙে শোক প্ৰকাশ কৰিছে কণ্ঠশিল্পীগৰাকীৰ মৃত্যুত।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,221 other subscribers

Leave a comment

Leave a Reply