নিউজ ডেস্কঃ প্ৰায় ডেৰটা বছৰৰ অপেক্ষাৰ অন্তত পুষ্পাৰাজৰ অনুৰাগীলৈ আহিল ভাল বতৰা। আজি আল্লু অৰ্জুনৰ জন্মদিন। আল্লু অৰ্জুনৰ জন্মদিনৰ আগদিনাই T-Serise ৰ ইউটিউব চেনেলত মুকলি কৰি দিয়া হ’ল ৩ মিনিট ১৫ ছেকেণ্ড জোৰা Pushpa 2–The Rule ৰ টিজাৰ।
টিজাৰ টোক “Where is Pushpa” শীৰ্ষৰে নামকৰণ কৰা হৈছে। টিজাৰ ভিডিঅ’ টোত দেখা গৈছে যে, গুলীৰে আঘাত প্ৰাপ্তহোৱা পুষ্পা জেলৰ পৰা পলায়ন কৰিছে আৰু পুলিচে বিচাৰি চলাথ কৰিছে।
পুলিচে পুষ্পাৰ অনুসন্ধান কৰে যদিও ৮ টা গুলীৰে আবদ্ধ হৈ থকা চোলা এটা হে পাই যাক লৈ কিছু প্ৰতিবেদনত পুষ্পাৰাজৰ মৃত্যু হৈ বুলি ঘোষণা কৰে।
এনে ঘোষণা কৰাৰ পিছতেই পুষ্পাৰ সমৰ্থনকাৰী সকলে গোটেই চহৰত হিংসাত্মক প্ৰতিবাদ কৰা দেখা যায় যাৰ ফলত ১৪৪ ধাৰা লগোৱা হৈছে বুলি টিজাৰ টোত কোৱা হৈছে।
টিজাৰ টোত একেবাৰে শেষত ঘন অৰণ্যৰ মাজত এটা ভিডিঅ’ ক্লিপত সকলোৱে পুষ্পাৰাজৰ সন্ধান পাই। য’ত আকৌ পুষ্পাৰ সমৰ্থকাৰীয়ে নতুন উদ্যম লাভ কৰে বুলি দেখাইছে।
চমুকৈ ক’বলৈ গ’লে টিজাৰটোত দেখুৱা হৈছে যে, আৰম্ভণিতে পুষ্পা কাৰাগাৰৰ পলাই যায় আৰু পিছত সংঘৰ্ষত আঘাতপ্ৰাপ্ত হয়, তেওঁক মৃতক বুলি ঘোষণা কৰে আৰু শেষত পুনৰ উভতি আহে।
উল্লেখযোগ্য যে, Pushpa 2–The Rule ৰ শুক্ৰবাৰে টিজাৰৰ মুকলি লগতে অফিচিয়েল পোষ্টাৰো ছচিয়েল মিডিয়াত শ্বেয়াৰ কৰা আল্লু অৰ্জুনক দেখা গ’ল।
উল্লেখ্য, ২০২১ চনৰ ডিচেম্বৰ মাহত মুক্তি পোৱা ‘পুষ্পা’ ছবিখনে দক্ষিণ ভাৰতীয় দৰ্শকৰ লগতে সমগ্ৰ ভাৰতকে জোকাৰি গৈছিল। বলীউডৰ দৰ্শকেও এই ছবিখনক সমাদৰ দিছিল। এতিয়া কেৱল মাত্ৰ মানুহৰ চকু এই ছবিখনৰ মুক্তিৰ তাৰিখত কেতিয়ালৈ ঘোষণা কৰিব।
লগতে পঢ়ক – অসমীয়াত ভাষণ আৰম্ভ, “আপোনালোক সকলোকে নমস্কাৰ”-দৌপদী মুৰ্মু