বলীউড অভিনেত্ৰী

পৰ্নোগ্ৰাফিক চলচ্চিত্ৰ নিৰ্মাণ আৰু প্ৰচাৰ কৰাৰ অপৰাধত ৰাজ কুন্ড্ৰাক গ্ৰেপ্তাৰ কৰাৰ পিছতেই তেওৰ কু কৰ্মৰ বিৰুদ্ধে এগৰাকীৰ পিছত আন গৰাকী বলীউড অভিনেত্ৰীয়ে মুখ খুলিবলৈ আৰম্ভ কৰিছে ।


বিতৰ্কিত অভিনেত্ৰী পুনম পান্ডেৰ মন্তব্য, মোৰ এতিয়া শিল্পা চেট্টি আৰু দুই সন্তানক লৈহে চিন্তা হৈছে । ২০১৯ চনত ৰাজ কুন্ড্ৰা আৰু তেওৰ সহযোগী সৌৰভ কুশবাহাৰ বিপক্ষে ঠগ প্ৰবঞ্চনা আৰু চুৰি গোচৰ দিয়াৰ সময়ত সকলোকে বিশ্বাস কৰা নাছিল এতিয়া আকৌ একেধৰনৰ গোচৰত পুলিচে গ্ৰেপ্তাৰ কৰিছে ।

পুনম পান্ডেই সেই সময়ত ৰাজ কুন্ড্ৰা আৰু তেওৰ কোম্পানীৰ বিৰুদ্ধে আইন বহিভূত ভাবে তেওৰ ভিডিঅ’ , ফটো ব্যবহাৰ কৰিছিল যি গোচৰ আজিও চলি আছে । পুনমৰ ব্যক্তিগত ফোন নম্বৰত একেৰাহে ফোন আহি তাকে। আৰু সকলো সময়তে অশ্লীল প্ৰস্তাৱ দিছিল বুলি জনাইছিল পুনম পাণ্ডেই। ইয়াৰ পিছতে বিষয়টোৰ সন্দৰ্ভত আৰক্ষীৰ কাষ চাপে পুনম।

মুম্বাইৰ অভিনেত্ৰী তথা মডেল সাগৰিকা সোনা সুমনৰ মন্তব্য, লকডাউনৰ সময়ত মোৰ এটা বেয়া অভিজ্ঞতা হৈছিল। আগষ্ট ২০২০ ত মোক এটা ৱেব ছিৰিজত কাম কৰাৰ প্ৰস্তাৱ দিয়া হৈছিল। মই ৰাজ কুন্দ্ৰাৰ কোম্পানীৰ মেনেজিং ডাইৰেক্টৰ উমেশ কামাতৰ পৰা ফোন পাইছিলো। মই অনলাইন অডিচন দিয়াৰ সিদ্ধান্ত লৈছিলো আৰু কল কৰাৰ পিছত তেওঁলোকে মোক উলংগ হৈ অডিচন দিবলৈ কৈছিল।” অভিনেত্ৰী সাগৰিকা সোনা সুমনে দাবী কৰিছে যে তেওঁ ইয়াৰ পিছত হতবাক হৈ পৰিছিল আৰু সেয়া অস্বীকাৰ কৰি কলটো বন্ধ কৰি দিছিল। ভিডিঅ’ কলটোত তিনিজন লোক আছিল। তেওঁলোকৰ এজনৰ মুখখন ঢাকি থোৱা আছিল, আনহাতে আন এজন সাইলাখ ৰাজ কুন্দ্ৰাৰ নিছিনা আছিল।

কিছুদিনৰ আগতে পৰ্নোগ্ৰাফিক চলচ্চিত্ৰৰ বাবে গ্ৰেপ্তাৰ হোৱা অভিনেত্ৰী গেহেনা বশিষ্ঠ ওৰফে বন্দনা তিৱাৰীয়ে কয়, মুম্বাই পুলিচৰ ওপৰত বিশ্বাস আছে এই ঘটনাৰ দোষী কোন তেওলোকে উলিয়াব পাৰিব । বৰ্তমান জামিনত থকা “মিছ ইন্ডিয়া বিকিনি” বিজয়ী গেহনাই ৰাজ কুন্ড্ৰা দোষী হয়নে নহয় সেই কথা ক’বলৈ অস্বীকাৰ কৰে । চলিত বছৰৰ আৰম্ভণিতে অভিনেত্ৰী গহেনা বশিষ্ঠসহ ৯ জনক গ্ৰেপ্তাৰ কৰা হৈছিল। তেতিয়াৰ পৰাই তদন্ত প্ৰক্ৰিয়া চলাই নিছিল মুম্বাই আৰক্ষীৰ ক্ৰাইম ব্ৰাঞ্চে। গহেনাৰ ই-মেইলৰ পৰা আৰক্ষীয়ে লাভ কৰিছে সৰ্বাধিক পৰ্ণ ছবিৰ ভিডিও। বেছিভাগ ছবিয়েই আমেৰিকালৈ পটিওৱা হয়। এখন ছবিৰ বাবদ লোৱা হয় দুইৰ পৰা তিনি কোটি টকা।


আনহাতে মডেল অভিনেত্ৰী সাগৰিকা সুহানা সুমনে কয়, এই ৰেকেটৰ দ্বাৰা বহুতৰ জীৱন ধ্বংস হৈছে ,এতিয়া ৰাজ কুন্ড্ৰাৰ নাম পোহৰলৈ আহিছে আৰু বহু লোক আছে সকলো ইয়াৰ অধীনলৈ অহাতো জৰুৰী ।

এডাল্ট ভিডিও জগতৰ পৰিচিত নাম শাৰ্লীন চোপ্ৰা আৰু পুনম পাণ্ডে। প্ৰতিদিনাই ছচিয়েল মিডিয়াত ফটো বা ভিডিও পোষ্ট কৰে। বহু আগতে ৰাজৰ প্ৰজেক্টত কাম কৰিছিল দুয়োগৰাকী অভিনেত্ৰীয়ে। সেই সময়ত এটা প্ৰজেক্টৰ বাবদ ৰাজৰ পৰা ৬০ লাখ টকা লৈছিল শাৰ্লীন চোপ্ৰাই। আনহাতে ১৫ৰ পৰা ২০টা প্ৰজেক্টত কাম কৰিছিল অভিনেত্ৰীগৰাকীয়ে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply