নিউজ ডেস্ক – সদায় হঁহুৱাই অহা মানুহজনে আজি সকলোকে কন্দুৱাই গুচি গ’ল। দীৰ্ঘদিন ধৰি হৃদৰোগত ভুগি হাস্পতালত ভৰ্তি হৈ থকা ৰাজু শ্ৰীবাস্তৱৰ আজি মৃত্যু ঘটে৷ উল্লেখ্য যে বিগত ১০ আগষ্টতে দিল্লীস্থিত এইমছত অভিনেতাগৰাকীক ভৰ্তি কৰোৱা হৈছিল৷ স্মৰ্তব্য যে জিমত ট্ৰেডমিলত খোজ কাঢ়ি থকাৰ সময়তে অকস্মাতে ঢলি পৰিছিল তেওঁ ৷ ইয়াৰ পিছতে ততাতৈয়াকৈ চিকিৎসালয়লৈ লৈ যোৱা হয়৷

চিকিৎসকে যেতিয়া তেওঁৰ মূৰৰ চিটি স্কেন কৰিছিল তেতিয়া মগজুৰ এটা অংশ ফুলি থকা দেখা গৈছিল বুলি জানিব পৰা যায়। চিকিৎসা চলি থকাৰ মাজতে চিকিৎসকৰ দলে তেওঁৰ কেইবাবাৰো সম্বিত ঘূৰাই পোৱাৰ কথা সদৰী কৰিছিল৷ ৰাজুৰ চিকিৎসাৰ সময়ত তেওঁক অমিতাভ বচ্চনৰ কণ্ঠও শুনোৱা হৈছিল৷

ভেণ্টিলেটৰত থকা ৰাজুক কন্যা অন্তৰায়ো লগ কৰি পুনৰ সুস্থ হৈ উঠাৰ বাবে কাতৰ অনুৰোধ জনাইছিল৷ অভিনেতাগৰাকীৰ এঞ্জিঅ’প্লাষ্টি কৰাত হৃদযন্ত্ৰৰ এটা বৃহৎ অংশ ব্লকেজ হৈ থকা দেখা গৈছিল বুলিও চিকিৎসালয় সূত্ৰত প্ৰকাশ। অভিনেতাগৰাকীৰ মৃত্যুত চলচ্চিত্ৰ জগতৰ বিভিন্ন লোকৰ লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও টুইটযোগে শোক প্ৰকাশ কৰে।

মৃত্যুৰ পৰত অভিনেতাগৰাকীয়ে পত্নী শিখা, কন্যা অন্তৰা, পুত্ৰ আয়ুষ্মান, জ্যেষ্ঠ ভাতৃ চি পি শ্ৰীবাস্তৱ, সৰু ভাতৃ দীপু শ্ৰীবাস্তৱ, ভতিজা মায়ংক আৰু মৃদুলক এৰি থৈ যায়। ৰাজু শ্ৰীবাস্তৱৰ প্ৰকৃত নাম হৈছে সত্য প্ৰকাশ শ্ৰীবাস্তৱ। ১৯৬৩ চনৰ ২৫ ডিচেম্বৰত কানপুৰৰ নয়াপুৰৱাত জন্মগ্ৰহণ কৰা ৰাজুৱে ১৯৮০ চনত কানপুৰৰ পৰা মুম্বাইলৈ আহে জীৱন সংগ্ৰামত ব্ৰতী হ’বলৈ। শ্ৰীবাস্তৱে ২০০৫ চনত ৰিয়েলিটী ষ্টেণ্ড-আপ কমেডী শ্ব’ The Great Indian Laughter Challengeৰ প্ৰথম ছিজনত অংশগ্ৰহণ কৰাৰ পিছত খ্যাতি লাভ কৰে ৷ শ্ৰীবাস্তৱে হিন্দী চলচ্চিত্ৰ Maine Pyar Kiya, Baazigar, Bombay to Goa আৰু Aamdani Atthani Kharcha Rupaiya ৰ ৰিমেকত অভিনয় কৰিছিল।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,027 other subscribers

Leave a comment

Leave a Reply