নিউজ ডেস্কঃ শেহতীয়াকৈ বলীউডত মুক্তিলাভ কৰা ‘ব্ৰহ্মাস্ত্ৰ’ নামৰ চিনেমাখন ৪০০ কোটি টকাতকৈও অধিক ব্যয়েৰে নিৰ্মাণ কৰা হৈছে। চিনেমাখনে বৰ্তমানলৈকে ৩৫০ কোটি টকা উপাৰ্জন কৰিছে। ইয়াৰ ভিতৰত, ভাৰততে উপাৰ্জনৰ পৰিমাণ ২০০কোটি। এই কাৰণে, ছবিখনক ‘হিট’ বুলি কোৱাৰ বাবে বিতৰ্কৰ সৃষ্টি হৈছে। কাৰণ, চলচ্চিত্ৰখনে নিৰ্মাণৰ বাজেটতকৈ কম উপাৰ্জন কৰিছে। অভিনেত্ৰী কংগনা ৰাণাৱটে কয় যে ‘ব্ৰহ্মাস্ত্ৰ’ক হিট বুলি ক’ব নোৱাৰি। কাৰণ, চিনেমাখনৰ উপাৰ্জন হৈছে ২৪৬ কোটি। য’ত ছবিখন নিৰ্মাণৰ ব্যয় আছিল ৬৫০ কোটি।

ছবিখন নিৰ্মাণৰ বাবদ ৪১০ কোটি টকা খৰচ কৰা হৈছিল বুলি জানিব পৰা গৈছে আৰু প্ৰচাৰ আৰু মুদ্ৰণৰ বাবে কেইবাশ কোটি টকা খৰচ কৰা হৈছে। এই সকলো জল্পনা-কল্পনাৰ মাজতে প্ৰথমবাৰৰ বাবে ‘ব্ৰহ্মাস্ত্ৰ’ৰ শিৱ অৰ্থাৎ ৰণবীৰ কাপুৰে ছবিখনৰ বাজেটসম্পৰ্কে মুখ খুলিছে।

ৰণবীৰে কয়, “বহুলোকে ‘ব্ৰহ্মাস্ত্ৰ’ৰ বাজেটৰ বিষয়ে আলোচনা কৰা মই শুনিছো। ‘ব্ৰহ্মাস্ত্ৰ’ অনন্য। যি বাজেটৰ বিষয়ে আলোচনা কৰা হৈছে সেয়া কেৱল ‘ব্ৰহ্মাস্ত্ৰ’ৰ প্ৰথম খণ্ডৰ ব্যয় নহয়। এইটো ত্ৰিলজীৰ মূল্য। “

তেওঁ লগতে কয়, “বহুলোকে ভাবিছে যে চিনেমাখনত গোটেইখিনি ধন নিৰ্মাণৰ বাবে খৰচ কৰা হৈছিল। কিন্তু সেয়া সম্পূৰ্ণভুল। এই চলচ্চিত্ৰখনৰ বিত্তীয় দিশটো আন চলচ্চিত্ৰৰ বিত্তীয় দিশৰ দৰে একেবাৰে নহয়। বৰঞ্চ, এইটো বহুত বেলেগ। চিনেমাখনৰ বাজেটৰ প্ৰায় ১০০ কোটি টকা ভিএফএক্সৰ বাবে ব্যয় কৰা হৈছে।”

এছ.এছ. ৰাজামৌলীয়ে তামিল, তেলেগু, কানাড়া আৰু মালায়ালমত ‘ব্ৰহ্মাস্ত্ৰ’ উপস্থাপন কৰিছে। ৯ ছেপ্টেম্বৰত পাঁচটা ভাৰতীয় ভাষাত ‘ব্ৰহ্মাস্ত্ৰ’ মুক্তি দিয়া হৈছিল। ছবিখনত ৰণবীৰ কাপুৰ, আলিয়া ভট্ট, অমিতাভ বচ্চন, নাগাৰ্জুন, শ্বাহৰুখ খান আৰু মৌনী ৰয়ে অভিনয় কৰিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,049 other subscribers

Leave a comment

Leave a Reply